৩ ঘণ্টা ধৰি চলিল এটা অস্ত্ৰোপচাৰ ৷ ২৭ বছৰীয়া এজন যুৱকৰ পেটৰ পৰা বাহিৰ কৰা সামগ্ৰীৰ তালিকাখন দেখিলে আপুনিও হতভম্ব হ’ব ৷এয়া কোনো বাহিৰৰ ঘটনা নহয়,ভাৰততে ঘটিল এই আচৰিত ঘটনা।জানিব পৰা মতে প্ৰচণ্ড পেটৰ বিষত ভোগাৰ বাবে যুৱকজনক পৰিয়ালৰ লোকে ভৰ্তি কৰোৱাইছিল হাস্পতালত ৷ কিন্তু হাস্পতালতহে ওলাল প্ৰকৃত ৰহস্য।উল্লেখযোগ্য যে চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰাত যুৱকজনৰ পেটত এনে কিছু সামগ্ৰীৰ সন্ধান লাভ কৰে, যিবোৰ কোনো সাধাৰণ লোকৰ পেটৰ ভিতৰত থকাটো অসম্ভৱ ।চিকিৎসকে প্ৰথমে অস্ত্ৰোপচাৰ কৰে।তাৰ পিছত যি দেখিলে সকলো আচৰিত হৈ পৰিল। পেটৰ পৰা ওলাল চামুচ, কটাৰী, বেজী, পেঞ্চিলকে ধৰি প্ৰায় ১২ বিধ সামগ্ৰী । প্ৰায় ৩ ঘণ্টা ধৰি অস্ত্ৰোপচাৰ চলা যুৱকজন এতিয়াও আছে চিকিৎসকৰ পৰ্যবেক্ষণতে আছে বুলি জানিব পৰা গৈছে।এই যুৱকজনৰ বয়স ২৭ বছৰ আৰু তেওঁ হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ এখন গাঁৱৰ বাসিন্দা । চিকিৎসকে সদৰী কৰা অনুসৰি, যুৱকজন ছিজ’ফ্ৰেনিয়া নামৰ ৰোগত আক্ৰান্ত, যিটো মানসিক ৰোগ । Share this:FacebookX Related Post navigation ২মার্চৰ পৰা পৱিত্ৰ ৰমজান মাহ আৰম্ভ ববিতা ফগট আৰু মদন লাল উদ্বোধন সংস্কৃতি ক্রিড়া ফিয়েস্তা ২৫, মার্চ ১ পর্যন্ত চলমান