উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । মঙলবাৰে ৰাজ্যখনৰ মাণ্ডি জিলাৰ সুন্দৰনগৰ মহকুমাৰ জংগম বাগত হোৱা ভূমিস্খলনৰ ফলত ৩ বছৰীয়া শিশুসহ প্ৰায় ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে ।ধাৰাসাৰ বৰষুণৰ ফলতে এই ভূমিস্খলন হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে নিশা প্ৰায় ৬.৩০ বজাত পাহাৰৰ এটা বৃহৎ অংশ হঠাতে খহি দুটা ঘৰৰ ওপৰত পৰে । যাৰ ফলত ঘৰৰ ভিতৰত থকা লোকসকল আবদ্ধ হৈ পৰে । বিষয়াসকলৰ মতে এই পৰ্যন্ত ৬ টা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । Share this:FacebookX Related Post navigation কৰ্দৈৰ আছে আশ্বৰ্যজনক উপকাৰিতা, জানিলে তবধ মানিব আপুনি আজি অভিৰুচি ক্ৰীড়া দিৱস