নবগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসে বৃহত্তৰ অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ২৬ গৰাকী পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত আজি দিনৰ ভাগত ঘৰে ঘৰে গৈ খা-খবৰ লৈ তেওঁলোকক শুভাশিস দিয়াৰ লগতে আন্তৰিক শুভ কামনা জ্ঞাপন কৰে। মৌচুমী দাসে পৰীক্ষাৰ্থী সকলক উদ্দেশ্যি কয় যে আজিৰ শিক্ষাৰ্থীয়েই কাইলৈ সু- নাগৰিক হৈ দেশ আৰু সমাজ গঢ়াত মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। শিক্ষাৰ্থীসকলে যাতে শৈক্ষিক যাত্ৰা ভালদৰে আগুৱাই লৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক সকলক নিজৰ সন্তানক গুৰুত্ব দি আগবঢ়ায় নিয়াৰ বাবে পৰামৰ্শ প্ৰদান কৰে। আনহাতে কাৰ্যসূচীত কুশল দাস, মুকুট বৈশ্য, পৰাগ দাস, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি প্ৰণৱ দাস উপস্থিত আছিল। Share this:FacebookX Related Post navigation ডিজিটেল জালিয়াতিৰ বলি হোৱা গ্ৰাহকক ৰিজাৰ্ভ বেংকে প্ৰদান কৰিব ক্ষতিপূৰণ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত শোনিতপুৰত উত্তপ্ত পৰিস্থিতি; বিজেপিৰ প্ৰতিবাদৰ সন্মুখত থমকি ৰ’ল গৌৰৱ গগৈৰ কনভয়