হিৰো মট’কৰ্পে নিজৰ দূৰদৰ্শী প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ব্ৰীজমোহন লাল মুঞ্জললৈ শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰিব কালেক্টৰ্ছ সংস্কৰণৰ মটৰচাইকেল ‘দ্য চেণ্টেনিয়েল’। প্ৰতিষ্ঠানটোৱে নিজৰ কৰ্মচাৰী, সহযোগী, ব্যৱসায়িক অংশীদাৰ আৰু ষ্টেক হল্ডাৰসকলক ড০ ব্ৰীজমোহন লাল মুঞ্জলৰ ১০১সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধা জনাই বিশেষ মটৰ চাইকেল নিলাম কৰিবলৈ সাজু হৈছে। এই নিলামৰ জৰিয়তে লাভ কৰা ধনৰাশি সমাজৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব, যিয়ে প্ৰতিষ্ঠাপকজনক চিৰদিনলৈ সমাজৰ মাজত অমৰ হৈ ৰোৱাৰ ভাবমূৰ্তিক প্ৰতিফলিত কৰে।


ভাৰতৰ হিৰো চেণ্টাৰ ফৰ ইন’ভেচন এণ্ড টেকন’লজি (চিআইটি) আৰু জাৰ্মানীৰ হিৰো টেক চেণ্টাৰ (টিচিজি)ৰ গ্লবেল বিশেষজ্ঞসকলে ‘দ্য চেণ্টেনিয়েল’ৰ ধাৰণা, ডিজাইন আৰু বিকাশ কৰিছে। এই আৰ্ষণীয় বাহনখন কোম্পানীটোৰ উদ্ভাৱন আৰু উৎকৃষ্টতাৰ প্ৰতি থকা সমৰ্পণক প্ৰতিফলিত কৰে। মাত্ৰ ১০০টা নিখুঁতভাৱে হস্তনিৰ্মিত বাহনত প্ৰিমিয়াম পাৰফৰ্মেন্স আৰু চমত্কাৰ কাৰু-কাৰ্যক সামৰি লৈছে।

এই বিষয়ে হিৰো মট’কৰ্পৰ কাৰ্যবাহী অধ্যক্ষ ড০ পৱন মুঞ্জলে কয় যে, “মোৰ পিতৃ আৰু হিৰো মট’কৰ্পৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ব্রীজমোহন লাল মুঞ্জলে সমগ্ৰ বিশ্বৰ কোটি কোটি লোকক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ দৃষ্টিভংগীয়ে ভাৰতীয় অটোমোটিভ উদ্যোগৰ পৰিৱেশ আৰু ভাৰতীয় ঔদ্যোগিক খণ্ডত ৰূপান্তৰিত কৰি সমৃদ্ধ কৌশল, উদ্ভাৱন, সাহস আৰু সততাৰ উত্তৰাধিকাৰ এৰি থৈ গ’ল। তেখেতৰ দৃষ্টিভংগীৰ বাবেই ব্যৱসায়ে অৰ্জন কৰিছিল লাভালাভ – এই লাভ কেৱল ব্যক্তিগতই নাছিল, এই লাভ হৈছিল সমাজৰো।”

Leave a Reply

Your email address will not be published. Required fields are marked *