জনজাতীয় ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত দীৰ্ঘদিন ধৰি চলি থকা এক গণতান্ত্ৰিক আন্দোলনে সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত এক ভয়াৱহ হিংসাত্মক ৰূপ ধাৰণ কৰে। চৰকাৰী চৰণীয়া পথাৰত অবৈধভাৱে বসবাস কৰা অ-জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ দাবীত একাংশ প্ৰতিবাদকাৰীয়ে চলাই থকা প্ৰতিবাদে আইন-শৃংখলাৰ চৰম অৱনতি ঘটায়। আৰক্ষীৰ সৈতে হোৱা সংৰ্ষৰ ফলত পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে আকাশলৈ গুলীচালনা কৰাৰ লগতে লাঠীচালনা কৰিবলৈ বাধ্য হয়। ৰাজ্যৰ স্বায়ত্বশাসিত অঞ্চলটোৰ এই অস্থিৰতাই এতিয়া সমগ্ৰ জিলাখনতে এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। বিৱৰণী অনুসৰি, যোৱা দুসপ্তাহ ধৰি খেৰণিত উচ্ছেদৰ দাবীত আমৰণ অনশন চলাই থকা প্ৰতিবাদকাৰীসকলক সোমবাৰে পুৱা আৰক্ষীয়ে বলপূৰ্বক আঁতৰাবলৈ চেষ্টা কৰাত সংঘাতৰ সূত্ৰপাত ঘটে। উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ এটা বাসগৃহত অগ্নিসংযোগ কৰে। এই ঘটনাত আৰক্ষীৰ লাঠীচালনাত তিনিগৰাকী প্ৰতিবাদকাৰী আৰু এজন আৰক্ষী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰি চাৰিজনতকৈ অধিক লোকৰ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰে। আনহাতে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নিশাই কাৰ্বি আংলঙত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে প্ৰশাসন। ইফালে এই ঘটনাক লৈ গুৱাহাটীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অ-জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ দাবী দীৰ্ঘদিনীয়া যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক অন্তৱৰ্তীকালীন স্থাগিতাদেশৰ বাবে চৰকাৰে এই পদক্ষেপ ল’ব পৰা নাই। আদালতৰ আদেশ উলংঘা কৰা চৰকাৰৰ পক্ষে সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ আলোচনাৰ জৰিয়তেহে সমাধান বিচাৰিবলৈ আহ্বান জনায়। হিংসাই কেতিয়াও কোনো সমস্যাৰ স্থায়ী সমাধান দিব নোৱাৰে বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। Share this:FacebookX Related Post navigation থৰ ওপৰতে ব্লেড আৰু পাইপেৰে অপাৰেচন! তিনি যুৱ চিকিৎসকৰ সাহসিকতাই বচালে দুৰ্ঘটনাগ্ৰস্তৰ প্ৰাণ আমেৰিকাৰ উপকূলত মেক্সিকোৰ সামৰিক বিমান দুৰ্ঘটনা, পাঁচজনৰ মৃত্যু নিশ্চিত