চয়াবিন আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী, চয়াবিনত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷চয়াবিন এক পুষ্টিসমৃদ্ধ খাদ্য ৷ এয়া আমি সকলোৱে জানো ৷ অৱশ্যে এই কথা জানিও বহুসময়ত চয়াবিনক লৈ বিদ্ৰুপৰ বাণীও শুনা যায় ৷ হাড় নোহোৱা মঙহ বুলি চয়াবিন সন্দৰ্ভত আমি ৰসো কৰোঁ ৷ পিছে এই চয়াবিনৰ উপকাৰিতাৰ বিষয়ে জানিলে, এনে উপহাস আমি কেতিয়াও নকৰোঁ ৷ ভালদৰে ৰান্ধিলে চয়াবিনৰ সোৱাদ অনুপম হৈ পৰে ৷ সোৱাদৰ লগতে ই আমাৰ দেহত যথেষ্ট উপকাৰী প্ৰভাৱো পেলায় ৷ চয়াবিনত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷ চাওঁ আহক এই খাদ্য সামগ্ৰীবিধৰ উপকাৰিতাৰ বিষয়ে ৷চয়াবিনে শৰীৰৰ ওজন বৃদ্ধি আৰু হ্ৰাস কৰিব পাৰে। চয়াবিনত যথেষ্ট পৰিমাণে ফাইবাৰ আৰু প্ৰ’টিন থাকে। পুষ্টিহীন তথা ক্ষীণ মানুহে অধিক পৰিমাণৰ চয়াবিন খালে শৰীৰৰ ওজন বঢ়োৱাৰ লগতে পুষ্টিও লাভ কৰে। আনহাতে শকত মানুহে নিৰূপিত পৰিমাণৰ চয়াবিন খালে শৰীৰৰ অতিৰিক্ত ওজন কমাব পাৰিব।চয়াবিন খোৱাৰ ফলত স্বাস্থ্যৰ কি লাভ হয় আৰু অত্যাধিক সেৱন কৰিলে কি হয় জানো আহক। বহু সংখ্যক লোকৰে প্ৰিয় চয়াবিন এবিধ পুষ্টিকৰ খাদ্য যি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি জনা যায়। নিৰামিষভোজিলোক সকলৰ অতিকৈ প্ৰিয় এই খাদ্য স্বাস্থ্যৰ বাবে কিমান দৰকাৰী আৰু ইয়াৰ অতিমাত্ৰা সেৱনৰ ফলত কি হয় জানো আহক।ইয়াৰ উপৰিও-চয়াবিনত ভিটামিন বি কমপ্লেক্স, ভিটামিন ই মিনাৰেল আৰু এমিনো এচিড থাকে।এই সকলোবোৰ উপাদানে-শৰীৰৰ প্ৰয়োজনীয় বিকাশত সহায় কৰে আৰু শৰীৰক বহুতো ৰোগৰ পৰা ৰক্ষা কৰে।কিন্তু চয়াবিন সকলোৰে বাবে-উপকাৰী নহয়।বিশেষজ্ঞসকলৰ মতে-উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে-প্ৰতিদিনে চয়াবিন খাব লাগে।ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।ডায়েবেটিছত চয়াবিন খুৱাটো উপকাৰী।ইয়াত পোৱা প্ৰটিনে-গ্লুক’জ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ইনচুলিনৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব পাৰে। চয়াবিনত ফাইবাৰৰ উপস্থিতিয়ে পাচনতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে। চয়াবিনত থকা প্ৰ’টিন আৰু ফাইবাৰৰ উচ্চ মাত্ৰাই ভোক নিয়ন্ত্ৰণ কৰি ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। Share this:FacebookX Related Post navigation মেডাণ্ট FY২০২৫ত ১২.৬% অৰ্থনৈতিক বৃদ্ধি ঘোষণা কৰিছে ব্যতিক্রম কনক্লেভ ৩.০ সাফল্যৰ সৈতে সমাপ্ত হয়