দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ড্ৰাই ফ্ৰুটছ আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান পাব লাগে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে। আমি গ্ৰহণ কৰি অহা ড্ৰাই ফ্ৰুটছৰ ভিতৰত শুকান খেজুৰ অন্যতম। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে প্ৰতিদিনে দুটা শুকান খেজুৰ খালে শৰীৰত কেইবাটাও পৰিৱৰ্তন ঘটিব পাৰে।খেজুৰ নামটো শুনাৰ লগে লগেই চকুৰ আগত ভাহি উঠে সুস্বাদূ খেজুৰ গুৰৰ পায়স আৰু ৰসগোল্লা। গৰমৰ দিনত জুতিলগা খেজুৰৰ তাৰি দুগিলাছ খালে শৰীৰৰ ভাগৰ আতৰি মনলৈ শান্তি আহে। শুকান খেজুৰ খাই বৰ মজা লাগে। খেজুৰ বা খাজুৰী এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। কিন্তু খেজুৰৰ কাইটে বিন্ধিলে মজা বাহিৰ হয়, বৰ বিষায়। আমি খাই ভালপোৱা খেজুৰত আছে ভিটামিন-এ, ভিটামিন-বি কমপ্লেক্স, ভিটামিন-কে, মেগনেছিয়াম, মেঙ্গানিজ, পেন্টোথেনিক এচিড, কাৰ্বহাইড্ৰেত, কেলছিয়াম, আইৰণ আদি।খেজুৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। এসপ্তাহ ধৰি দিনে দুটাকৈ শুকান খেজুৰ খালে হজম শক্তি উন্নত হোৱাৰ লগতে শৌচ খোলোচা কৰাত সহায় কৰে। খেজুৰত উপলব্ধ ফাইবাৰে মল কোমল কৰি কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে। শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰোৱাতো ই সহায়ক হয়। খেজুৰত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াত ফ্লেভনয়ড, কেৰটিনয়ড, আৰু ফেনলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে।খেজুৰ খালে কোষ্ঠ কাঠিন্য আতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ-পেচাব খোলোচা হয়।
প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০’০৯ গ্ৰাম আইৰণ পোৱা যায়। ১০০ গ্ৰাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আইৰণৰ ১১% পাব পাৰো। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়।
খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকা বাবে হাড় আৰু মাংস পেশী মজবুত হয়। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।
খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়। Zeaxanthin আৰু Lutein নামৰ পদাৰ্থৰ কাৰণে চকুৰ ৰেটিনা সুস্থ সবল হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *