গ্ৰীষ্মকালত তৰমুজ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়। তৰমুজত আঁহ, পটাছিয়াম, আইৰণ, ভিটামিন-এ, চি, লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই ৰসাল ফলবিধে শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে পেটৰ সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। তদুপৰি, তৰমুজ খালে ভোক হ্ৰাস হয়, যিয়ে ওজন কমোৱাত সহায় কৰে।তৰমুজে শৰীৰক শীতল কৰাৰ লগতে এই ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ৯২ শতাংশ পানীৰে ভৰা তৰমুজ গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ সেয়ে গৰমৰ দিনত তৰমুজৰ এটুকুৰা মুখত পৰিলে মানুহৰ দেহ-মন শাঁত পৰি যায় ৷ সেয়ে আজি ইয়াৰ স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-তৰমুজত যথেষ্ট পানী থাকে। সেয়েহে তৰমুজ খালে শৰীৰৰ পৰা পানীৰ অভাৱ আঁতৰ হয়।তদুপৰি, ডিহাইড্ৰেচনৰ ফলত হোৱা সমস্যা যেনে পিঠিৰ বিষ, মূৰ ঘূৰোৱা, মুখ শুকান হোৱা আদি আঁতৰ কৰাতো ইয়াক উপকাৰী বুলি গণ্য কৰা হয়। গ্ৰীষ্ম ঋতুত ডিহাইড্ৰেচন আঁতৰাবলৈ আপুনি তৰমুজক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে। সঠিকভাৱে হৃদযন্ত্রৰ ৰক্ত প্রবাহ অত্যন্ত গুৰুত্বপূর্ণ। তৰমুজে হৃদযন্ত্রৰ সঠিকভাৱে ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়।তৰমুজত লাইকোপিনো নামক ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে।তৰমুজত ভিটামিন Aৰ ভাল উৎস বুলি গণ্য কৰা হয় ৷ যি আমাৰ চকু আৰু হৃদযন্ত্ৰৰ বাবে ভাল ৷তৰমুজত ভিটামিন-চি যথেষ্ট পৰিমাণে পোৱা যায়।যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।তদুপৰি, ইয়াত পোৱা আঁহে পাচন তন্ত্ৰ আৰু অন্ত্ৰত বিকশিত হোৱা বেক্টেৰিয়া দূৰ কৰাত সহায় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *