নেমু সঠিকভাৱে ব্যৱহাৰ কৰিলে ছালৰ বহু সমস্যা সমাধান কৰিব পাৰি। নেমু কেনেদৰে ছালৰ সমস্যা নিৰাময় কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানক।নেমু এবিধ অনেক গুণেৰে সমৃদ্ধ ফল। নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’, ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। তদুপৰি নেমুৰ ৰসত থকা অন্যান্য উপাদানসমূহ হ’ল কাৰ্বহাইড্ৰেট ১০.৮ গ্ৰাম, কেলচিয়াম ৮৮ মি:গ্ৰা:, পটাছিয়াম ১.৭৫ মি:গ্ৰা:, ক’পাৰ ০.৪৯ মি:গ্ৰা:, থায়মিন ০.১ মি:গ্ৰা: লগতে চাইট্ৰিক আৰু ফলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে। নেমুত থকা ভিটামিন চিয়ে মানৱ দেহৰ শ্ৰীবৃদ্ধিত প্ৰভূত অৰিহণা যোগাই আহিছে। নেমুৰ গুণাগুণ জানি চমৎকৃত হ’ব আপুনি। আয়ুৰ্বেদত বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত নেমুক উপকাৰী ফল বুলি গণ্য কৰা হয়। আয়ুৰ্বেদ চিকিৎসক কিষাণ লালে কয় ‘নেমু ভিটামিন চিৰ ভাল উৎস। ইয়াক বিভিন্ন খাদ্য আৰু বিভিন্ন সোৱাদযুক্ত পানীয় তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। চাহ আৰু চালাডতো নেমু ব্যৱহাৰ কৰা হয়। ৰন্ধাৰ সোৱাদ বঢ়াবলৈ নেমুৰ ৰস আৰু বাকলি দুয়োটা ব্যৱহাৰ কৰা হয়।পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়। মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।নেমুত এন্টি অক্সিডেন্ট থাকে, যাৰ ফলত ছালৰ বয়স বৃদ্ধিৰ লক্ষণ কম হয়। ই ছালখন টান কৰাত সহায় কৰে, যাৰ ফলত বলিৰেখা আৰু মিহি ৰেখাৰ সমস্যা কম হয়। Share this:FacebookX Related Post navigation ভাৰতীয় নৌসেনাৰ বাবে ভাল খবৰ টাটা এআইএৰ শুভ ফ্লেক্সি ইনকাম প্লেনৰ সৈতে আপোনাৰ পথত বিত্তীয় স্বাধীনতা প্ৰাপ্ত কৰক