আপোনাৰো বাৰু ঘিউ প্রিয় নেকি?তেন্তে এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে।আজি জানিব পাৰিব ঘিঁউৰ উপকাৰী আৰু অপকাৰী গুণৰ বিষয়ে।এই সন্দৰ্ভত বিশেষজ্ঞসকলে কি কয় জানো আহক।ঘিউৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো আপোনাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। স্বাস্থ্যৱান হৈ থাকিবলৈ অধিকাংশ লোকেই খাদ্যৰ তালিকাত ঘিউ অন্তৰ্ভূক্ত কৰে। কিন্তু সকলোয়ে উপকাৰী বুলি বিবেচনা কৰা ঘিউ সকলোৰে বাবে উপকাৰী নহয়।এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি ঘিউত অধিক পৰিমাণৰ চৰ্বি পোৱা যায়। যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। গতিকে পাচন শক্তি দুৰ্বল লোকে ঘিউ খোৱাৰ পৰা আঁতৰি থাকিব লাগে। ঘিউ বেছিকৈ খালে ওজন বৃদ্ধি হ’ব পাৰে। মেদবহুলতাই আন আন ৰোগ যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। মেদবহুলতাত আক্ৰান্ত ব্যক্তিয়ে সীমিত পৰিমাণত ঘিউ সেৱন কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *