অসমৰ জলবায়ুত প্ৰচুৰ পৰিমাণে উৎপাদিত এবিধ ফল হৈছে অমৰা। টেঙা আৰু কেঁহা সোৱাদৰ এইবিধ ফল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন চি, আইৰণ আৰু কেলচিয়াম থাকে।অমৰাৰ উপকাৰিতা তথা ঔষধি গুণৰ বিষয়ে আজি জানো আহক-

ভিটামিন চি-ৰ ভঁৰাল: অমৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু স্কাৰ্ভি ৰোগ প্ৰতিৰোধ কৰে।
হজম শক্তি বৃদ্ধি: ইয়াত থকা প্ৰচুৰ আঁহ (fiber) হজম প্ৰক্ৰিয়া উন্নত কৰাত আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।
ছালৰ যত্ন: অমৰাৰ পাত উতলাই সেই পানীৰে গা ধুলে খজুৱতি, খৰ আদি ছালৰ সমস্যা দূৰ হয়।
ৰক্তহীনতা দূৰ কৰা: আয়ৰণৰ এক ভালো উৎস হোৱা বাবে অমৰাই শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।
ওজন নিয়ন্ত্ৰণ: অমৰাত কেলৰি কম আৰু ফাইবাৰ বেছি, যি ওজন কমাবলৈ বিচৰাসকলৰ বাবে উপকাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *