মূলা হৈছে এবিধ শিপা-জাতীয় পাচলি । প্ৰায় সংখ্য়ক লোকৰে এই পাচলি বিধ অতি প্ৰিয় । কিন্তু বহুতে ইয়াৰ গোন্ধৰ বাবে এই পাচলিবিধ খাবলৈ ভাল নাপায় । বিশেষকৈ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে প্ৰায়ে এই পাচলি বিধ পৰিহাৰ কৰে ।এই পাচলি বিধৰ স্বাস্থ্যৰ উপকাৰিতা অধিক। শীতকালত এই পাচলিবিধৰ উৎপাদনও বৃদ্ধি পায় । গতিকে মূলা খোৱাৰ উপকাৰিতা কি ?শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় । ফলত বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে শীতকালত মাজে মাজে মূলা খাব লাগে।যদি আপুনি গেছৰ সমস্যাৰ বাবে মূলা খাবলৈ ভয় কৰে তেন্তে উতলাই খাব পাৰে ।মূলাই শীতকালত শৰীৰৰ উষ্ণতা স্বাভাৱিক স্তৰত ৰখাত সহায় কৰে। গতিকে এই পাচলি খাব পাৰে । Share this:FacebookX Related Post navigation পুনৰ ঋণ ল’বলৈ সাজু চৰকাৰ জে কে লক্ষ্মী চিমেণ্টে উত্তৰ-পূব ভাৰতত ১১,০০০ কোটি টকা বিনিয়োগেৰে পদচিহ্ন সম্প্ৰসাৰিত কৰিছে