অমিতা এবিধ সুস্বাদু ফল আৰু ই শৰীৰৰ বাবেও বহু উপকাৰিতা সাধন কৰে । যদি আমি কওঁ যে, ই স্বাস্থ্য উপকাৰিতাৰ ভঁৰাল তেন্তে হয়তো ভুল নহ’ব । অমিতাই ওজন হ্ৰাস কৰাত সহায় কৰে, অক্সিডেটিভ চাপ হ্ৰাস কৰে, ডায়েবেটিছত উপকাৰী, বয়স বৃদ্ধি ৰোধ কৰা আৰু ঘাঁ ভাল হোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয় । অমিতাত এন্টিঅক্সিডেন্ট, এনজাইম, ভিটামিন চি, ই আৰু এ, খাদ্য আঁহ, মেগনেছিয়াম আৰু পটাছিয়ামকে ধৰি বহুতো খনিজ পদাৰ্থ থাকে । কিন্তু আপুনি জানেনে যে অমিতা খালে স্বাস্থ্যৰ পক্ষে অধিক উপকাৰিতা সাধন হয় । অমিতাৰ উপকাৰিতাহজম শক্তি: অমিতাত থকা পেপেইন এনজাইম আৰু আঁহে প্রোটিন হজম কৰাত সহায় কৰে, যাৰ ফলত বদহজম, গেছ আৰু কোষ্ঠকাঠিন্য দূৰ হয়।ৰোগ প্ৰতিৰোধ ক্ষমতা: ভিটামিন C-ৰ উপস্থিতিৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।ছালৰ স্বাস্থ্য: ভিটামিন A আৰু এন্টিঅক্সিডেন্ট ছাল সুস্থ আৰু উজ্জ্বল ৰাখে।ওজন নিয়ন্ত্ৰণ: কম কেলৰি আৰু আঁহ থকাৰ বাবে ওজন কমাবলৈ সহায়ক।হৃদৰোগ: বিটা-কেৰটিন, লাইকোপেন, ভিটামিন C, E-এ হৃদৰোগ, ষ্ট্ৰোক আৰু কলেষ্টৰল কমোৱাত সহায় কৰে।উচ্চ ৰক্তচাপ: ইয়াক নিয়মীয়াকৈ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। Share this:FacebookX Related Post navigation টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে আৰম্ভ কৰিছে মাল্টিকেপ অপৰচুনিটীজ ফাণ্ড পুনৰ আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা