আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শনিবাৰে ইংলেণ্ডক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ আয়োজকৰ অধিকাৰ প্ৰদান কৰে।দেওবাৰে ইয়াত অনুষ্ঠিত হোৱা বাৰ্ষিক সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰে বিশ্বব্যাপী সংস্থাটোৱে। দুবছৰীয়া চক্ৰ সম্পূৰ্ণ হোৱাৰ পিছত ২০২৭, ২০২৯ আৰু ২০৩১ চনত অনুষ্ঠিত হ’বলগীয়া ডব্লিউ টি চি ফাইনেল তিনিখন জুন মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, যিটো ইংলেণ্ডৰ ক্ৰিকেট ছিজনৰ সময়। ইতিমধ্যে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে ২০২১ চনৰ ফাইনেল (ভাৰত বনাম নিউজিলেণ্ড) চাউথমপটনত, ২০২৩ চনৰ ফাইনেল (ভাৰত বনাম অষ্ট্ৰেলিয়া) লণ্ডনৰ অ’ভেলত আৰু ২০২৫ চনৰ ফাইনেল (দক্ষিণ আফ্ৰিকা বনাম অষ্ট্ৰেলিয়া) লৰ্ডছত অনুষ্ঠিত কৰিছে। আইচিচিয়ে এক বিবৃতিত কয় যে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডক পৰৱৰ্তী তিনিখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছে। ডব্লিউ টি চি ফাইনেলৰ প্ৰথম তিনিটা সংস্কৰণ ইংলেণ্ডৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল আৰু শেহতীয়াকৈ ফাইনেলখন যোৱা মাহত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত লৰ্ডছত অনুষ্ঠিত হৈছিল।

ডব্লিউ টি চিৰ চক্ৰটো এনেদৰে নিৰ্ধাৰণ কৰা হৈছে যে জুন মাহৰ ভিতৰত ইংলেণ্ডৰ বতৰ কমকৈ বিঘ্নিত হয়। অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ছিজন অক্টোবৰৰ পৰা মাৰ্চলৈকে চলি থাকে। ইচিবিৰ মুখ্য কাৰ্যবাহী ৰিচাৰ্ড গৌল্ডে কয় যে ইংলেণ্ড আৰু ৱেলছক পৰৱৰ্তী তিনিখন আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আয়োজন কৰিবলৈ নিৰ্বাচিত হোৱাত আমি অত্যন্ত আনন্দিত। তেওঁ লগতে কয় যে এই ফাইনেল আয়োজন কৰাটো এক সন্মানৰ কথা আৰু আমি আইচিচিৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাক গঢ়ি তুলিবলৈ আগ্ৰহী। ভাৰতৰ কথা ক’বলৈ গ’লে ষ্টেডিয়ামত দৰ্শকৰ ক্ষেত্ৰত টেষ্ট ক্ৰিকেট আটাইতকৈ জনপ্ৰিয় ফৰ্মেট নহয় আৰু যদি ভাৰতে ফাইনেল খেলিব নোৱাৰে, তেন্তে শীৰ্ষ ক্ৰিকেট খেলা ৰাষ্ট্ৰসমূহে চূড়ান্ত মেচ খেলিলেও দৰ্শকৰ সংখ্যা নগণ্য হ’ব।

লগতে আইচিচিয়ে টিমৰ লেষ্টে ক্ৰিকেট ফেডাৰেচন আৰু জাম্বিয়া ক্ৰিকেট এছ’চিয়েশ্যনৰ ৰূপত দুজন নতুন সদস্যক আদৰণি জনায় যিসকলক সহযোগী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া ইয়াৰ ফলত আইচিচিৰ মুঠ সদস্যৰ সংখ্যা ১১০ জনলৈ বৃদ্ধি পাইছে। একে সময়তে ইউ এছ এ ক্ৰিকেটক ব্যাপক প্ৰশাসনিক সংস্কাৰ সাধন কৰিবলৈ অতিৰিক্ত তিনিমাহৰ সময় দিয়া হৈছে, য’ত এই সময়ছোৱাৰ ভিতৰত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে। আন আন ঘোষণাৰ লগতে আইচিচিৰ মুখ্য কাৰ্যবাহী সমিতি (চিইচি)ৰ সহযোগী সদস্য প্ৰতিনিধি হিচাপে গুৰুমূৰ্তি পালানী (ক্ৰিকেট ফ্ৰান্স), অনুৰাগ ভাটনগৰ (ক্ৰিকেট হংকং, চীন) আৰু গুৰদ্বীপ ক্লেয়াৰ (ক্ৰিকেট কানাডা)ক সহযোগী সদস্য প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *