এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত সমনীয়াৰ সৈতে পিকনিক খাবলৈ গৈ কৰুণ মৃত্যু ঘটে প্ৰজ্ঞাশ্ৰী ফুকন নামৰ এগৰাকী যুৱতীৰ। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি, নৈত হাত ধুবলৈ যোৱাৰ সময়তে যুৱতীগৰাকী হঠাতে নদীৰ পলসত সোমাই পৰে। ইয়াৰ পাছতে যুৱতীগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত প্ৰজ্ঞাশ্ৰী ফুকন জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ এই অকাল মৃত্যুয়ে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। Share this:FacebookX Related Post navigation ১৭ জানুৱাৰীত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য ত্রয়োদশ প্রতিষ্ঠা দিৱস উপলক্ষে উত্তৰ গুৱাহাটীৰ জিএনআৰচি মেডিকেলত কার্ডিয়েক ছাইঞ্চেজ আৰু কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন