হায়াৰ এপ্লায়েন্স ইণ্ডিয়াই মুকলি কৰিলে কিন’চি লিমিটেড এডিচন এয়াৰ কণ্ডিচনাৰ, যি ভাৰতত প্ৰথমটো ষ্টাইলিছ, ৰঙীন এচি ৰূপে চিহ্নিত হৈছে, যি প্ৰিমিয়াম নান্দনিকতাক অত্যাধুনিক শীতলকৰণ প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰে। ব্লেক, মৰ্ৰ্নিং মিষ্ট, আৰু মুনষ্টোন গ্ৰে ৰঙত উপলব্ধ এই শৃংখলা ঘৰুৱা সঁজুলিবোৰত ডিজাইন আৰু দক্ষতা দুয়োটাই বিচৰা গ্ৰাহকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। কিন’চি লিমিটেড এডিচন এচিক নিজৰ বুদ্ধিমত্তাসম্পন্ন প্ৰযুক্তিৰে ঘৰুৱা শীতলতাক ৰূপান্তৰিত কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এআই-চালিত ছুপাৰচনিক কুলিং প্ৰযুক্তিয়ে মাত্ৰ ১০ ছেকেণ্ডত ২০গুণ দ্ৰুত শীতলতা প্ৰদান কৰে, আনকি ৬০° চেলচিয়াছ পৰ্যন্ত চৰম উষ্ণতাতো ঠাণ্ডা কৰি তোলে।

ফ্ৰষ্ট ছেল্ফ-ক্লিন প্ৰযুক্তিয়ে ৯৯.৯% ষ্টেৰিলাইজেচন(বায়ুনাশক) নিশ্চিত কৰে, ঘৰৰ ভিতৰৰ সুস্থ পৰিৱেশৰ বাবে মিনিটৰ ভিতৰতে বিশুদ্ধ বায়ু চলাচল কৰে। হাইস্মাৰ্ট এপে বাস্তৱ-সময়ৰ বিদ্যুৎ নিৰীক্ষণ আৰু এআই-চালিত শক্তি অনুকূলন সক্ষম কৰি ব্যৱহাৰকাৰীৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰে, যাৰ ফলত গ্ৰাহকসকলে অনায়াসে স্মাৰ্ট শক্তিৰ সিদ্ধান্ত ল’ব পাৰে। কিন’চি এয়াৰ কণ্ডিচনাৰ ছিৰিজৰ শুভাৰম্ভণিৰ বিষয়ে অভিমত প্ৰকাশ কৰি হায়াৰ এপ্লাইয়েন্স ইণ্ডিয়াৰ অধ্যক্ষ এন এছ সতীশে কয় যে, “ নতুন কিন’চি লিমিটেড এডিচনে এই প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰি প্ৰিমিয়াম ডিজাইন প্ৰদান কৰাৰ লগতে দক্ষ আৰু অতুলনীয় শীতলতা নিশ্চিত কৰে।”

গুৱাহাটীয়ে আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু প্ৰিমিয়াম ঘৰুৱা সঁজুলিৰ বৰ্ধিত চাহিদাৰ বাবে হায়াৰৰ কিন’চি ছিৰিজৰ বাবে এক শক্তিশালী বজাৰ আগবঢ়াই দিছে। এচিৰ শক্তিশালী শীতলকৰণ, দীৰ্ঘস্থায়ীতা আৰু স্মাৰ্ট শক্তি ব্যৱস্থাপনাই অঞ্চলটোৰ আৱাসিক আৰু বাণিজ্যিক দুয়োটা স্থানৰ বাবে উপযুক্ত কৰি তোলে। হায়াৰ কিন’চি এয়াৰ কণ্ডিচনাৰ কালাৰফুল ছিৰিজ ভাৰতৰ আগশাৰীৰ অনলাইন আৰু অফলাইন খুচুৰা চেনেলসমূহত উপলব্ধ, যাৰ মূল্য ৪৯,৯৯০ টকাৰ পৰা আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *