গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত নালন্দা লিটাৰেচাৰ ফেষ্টিভেল (এনএলএফ) ২০২৫ আয়োজনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। এই অনুষ্ঠানটোৱে ‘লিগেচী, লেংগুৱেজ এণ্ড লিটাৰেচাৰ’ (অনুপম ঐতিহ্য, ভাষা আৰু সাহিত্য)-ৰ সংমিশ্ৰণ ঘটাই বৰ্ণিল-বিশাল ৰূপত উদযাপন কৰিব। ২০২৫ চনৰ ২১ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে বিহাৰৰ ৰাজগীৰ, নালন্দাত আয়োজিত হ’ব লগা প্ৰথম সংস্কৰণৰ সন্ধিক্ষণত গুৱাহাটীত আনুষ্ঠানিক ঘোষণাই বিশেষ তাত্পৰ্য বহন কৰিছে। প্ৰতীকী সহযোগিতাৰূপেত নালন্দা বিশ্ববিদ্যালয়ে এনএলএফ ২০২৫ত অংশগ্ৰহণ কৰিব, য’ত প্ৰাচীন জ্ঞানক সমসাময়িক সৃজনশীলতাৰ সৈতে সংমিশ্ৰিত কৰা হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ প্ৰাক্তন ডিজিপি আৰু বিশিষ্ট লেখ কুল শইকীয়া আৰু সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আইচিএছ কল্যাণ চক্ৰৱৰ্তী, অধ্যক্ষা দি. আালিয়া, ট্ৰাষ্টী ধনু বিহাৰ, মহোত্সৱৰ অধ্য়ক্ষ গংগা কুমাৰ আৰু আন কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মহোত্সৱৰ ভৱিষ্যৎ দৰ্শন আৰু মৰ্মাৰ্থৰ বিষয়ে আলোচনা আৰু উপস্থাপন কৰা হয়। ইয়াত সাহিত্যিক আৰু শৈল্পিক সমাজৰ সদস্য, বিভিন্ন মাধ্যমৰ প্ৰতিনিধি আৰু সাংস্কৃতিক উৎসাহীসকলে অংশগ্ৰহণ কৰে, যাৰ মাজত আছিল পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত; অধ্যাপক অৰূপজ্যোতি শইকীয়া; প্ৰভু ঝা; অধ্যাপিকা মধুমিতা বৰবৰা; কিনফাম সিং নংকিনৰিহ আৰু আন বহুতো লেখক-লেখিকা, যাৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাই ভাৰতৰ সাহিত্যিক আৰু ভাষিক বৈচিত্ৰ্য বিষয়ত আলোচনাৰে অনুষ্ঠানটো সমৃদ্ধ কৰিছিল। লিখক কুল শইকীয়াই নিজৰ মনোভাৱ ব্যক্ত কৰি কয় যে, “নালন্দা কেৱল এক অৱস্থান নহয়; ই এক জীৱন্ত ধাৰণা, জ্ঞানৰ এক চিৰন্তন পোহৰৰ সোপান, যিয়ে ভাৰত আৰু বিশ্বক অনুপ্ৰাণিত কৰি আহিছে। এই উৎসৱক গুৱাহাটীলৈ সম্প্ৰসাৰণে আমাৰ এই আস্থাক প্ৰতিফলিত কৰিছে যে বিহাৰৰ হৃদয়ৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈকে, ভাৰতৰ প্ৰতিটো ভূখণ্ডই সৃজনশীলতা, সংলাপ আৰু ঐতিহ্যৰ এক সম স্পন্দন ভাগ-বতৰা কৰে।” কল্যাণ চক্ৰৱৰ্তীয়ে নিজৰ মতামত দাঙি ধৰি কয় যে, “অসমে সদায় সৃষ্টিশীল কৰ্ম আৰু চিন্তাবিদৰ ভূমি হৈ আহিছে। নালন্দা লিটাৰেচাৰ ফেষ্টিভেলৰ অসমত পদাৰ্পণে আমাৰ দেশৰ আত্মা গঢ়ি তোলা বৈচিত্ৰ্যময় ভাষা, পৰম্পৰা আৰু সাংস্কৃতিক অভিব্যক্তিসমূহ সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ আমাৰ সমষ্টিগত অংগীকাৰক শক্তিশালী কৰিব।” অধ্যক্ষা দি আালিয়াই এই বিষয়ে কয় যে, “নালন্দাই কেৱল মনেই নহয়, সমাজকো মুক্ত কৰা জ্ঞানৰ প্ৰতীক। এই উৎসৱৰ জৰিয়তে আমি সংলাপ, মৰ্যাদা আৰু বৈচিত্ৰ্যৰ সাৰাংশ ভাৰতৰ প্ৰতিটো কোণলৈ লৈ যোৱাৰ ইচ্ছা ৰাখিছোঁ। গুৱাহাটীৰ পৰিৱেশ আৰু বুদ্ধিজীৱী শক্তিয়ে নালন্দাই যি প্ৰতিনিধিত্ব কৰে, সেয়া সঠিকভাৱে প্ৰতিফলিত কৰে – প্ৰশ্ন কৰাৰ সাহস আৰু শুনাৰ মৰ্যাদা সমানে ৰাখে।” Share this:FacebookX Related Post navigation আইএফএটি ভাৰত ২০২৫ অহা ১৪-১৬ অক্টোবৰত মুম্বাইৰ বম্বে প্ৰদৰ্শনী কেন্দ্ৰ (নেছকো)ত অনুষ্ঠিত হ’ব