হঠাতে সোণাপুৰলৈ গৈ পৰিৱেশ দেখি অভিভূত হৈ পৰিল গৰিমা শইকীয়া গাৰ্গসহ জুবিনৰ আন ঘনিষ্ঠ লোকসকল ৷সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল জনতাৰ শিল্পীজনাৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ । স্বামীৰ অবৰ্তমানত সোণাপুৰৰ হাতীমূৰাত নিৰলে শুই থকা স্বামীৰ কাষত বহি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ । চৌদিশে গুঞ্জৰিত মায়াবিনী শীৰ্ষক গীতত যেন জুবিনক্ষেত্ৰ হৈ পৰিল মায়াবিনীময়…প্ৰিয় মানুহজনৰ অবিহনে দিনবোৰ-ৰাতিবোৰ কিদৰে পাৰ কৰিছে তেওঁৰ বাহিৰে জানিব কোনে । অকল তেওঁৱেই নে, ৰাজ্যৰ কোটি কোটি জনতাৰো দেখোন একেই অৱস্থা । নাই চকুত টোপনি, মনে নামানে তেওঁৰ অনুপস্থিতি, মাজৰাতি হাহাকাৰ কৰি উঠে হৃদয়, নিদ্ৰাবিহীন প্ৰতিটো ৰাতি । সকলোৱে সমস্বৰে কৈছে, আমাক ন্যায় লাগে ন্যায় লাগে ।গৰিমাই কয়, “যেতিয়াই মোৰ জুবিনক কথা ক’বলৈ মন যাব, মই আহিম ৷ জুবিনে মনৰ কথা শুনিব, মোক আশীৰ্বাদ দিব, মই তেওঁক সকলো কম, তেওঁ শুনিব ৷ আপোনালোকে প্ৰাৰ্থনাত জুবিনক ৰাখক, মোক আশীৰ্বাদ কৰক ৷ জুবিনে বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব ৷ এই জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমিয়েই কৰিব লাগিব ৷” এনেদৰে কৈ আবেগিক হৈ পৰিল গৰিমা ৷ Share this:FacebookX Related Post navigation গড্ৰেজ এয়াৰমেটিক ৰয়েল ফেষ্টিভ এচেন্স মুকলিৰ জৰিয়তে নিজৰ স্বয়ংক্ৰিয় ঘৰ সতেজ কৰা সামগ্ৰীৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন মন্ত্ৰী হিচাপে আজি ৰাজভৱনত চৰণ বড়োৱে শপত গ্ৰহণ কৰে