দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে (২৫ এপ্ৰিল) গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ ভাৰতৰ আগশাৰীৰ ঘৰুৱা কীটনাশক ব্ৰেণ্ড গুডনাইটে প্ৰকাশ কৰা এক সমীক্ষা প্ৰতিবেদনত এই গুৰুত্বপূৰ্ণ প্ৰকাশ পাইছে । ‘মহ এক, ভাবুকি অনেক’ শীৰ্ষক এই সমগ্ৰ ভাৰতীয়ৰ মাজত চলোৱা সমীক্ষা গুডনাইটৰ নিৰ্দেশনা আৰু বজাৰ গৱেষণা সংস্থা ইউগভৰ জৰিয়তে কৰা হৈছিল, সাধাৰণ জনসাধাৰণৰ মনোভাৱ পৰীক্ষা কৰা হৈছিল আৰু মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বিপদাশংকাৰ মূল্যায়ন কৰা হৈছিল। উত্তৰ, পূব আৰু পশ্চিম ভাৰতৰ ৮৭% আৰু দক্ষিণৰ ৮৬% লোকে একে ধৰণৰ মতামত প্ৰকাশ কৰিছে। এই অধ্যয়ন অনুসৰি, ভাৰতীয় পৰিয়ালবোৰত টোপনিৰ অভাৱ এক গুৰুত্বপূৰ্ণ উদ্বেগৰ বিষয়ে, প্ৰাপ্তবয়স্কসকলে প্ৰতি নিশা ২ ঘণ্টালৈকে টোপনি হেৰুৱায় বা ব্যাঘাত জন্মে আৰু শিশুসকলে প্ৰয়োজনীয় বিশ্ৰাম সময়ৰ প্ৰায় ৪ ঘণ্টা হেৰুৱায়। গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে (জিচিপিএল)ৰ ভাৰতৰ মুখ্য বিপণন বিষয়া অশ্বিন মূৰ্তিয়ে কয় যে, “গুডনাইটৰ ‘মহ এক, ভাবুকি অনেক’ হৈছে এক দেশব্যাপী জৰীপ প্ৰতিবেদন, যি জনসাধাৰণৰ মনোভাৱৰ ওপৰত গুৰুত্ব দিয়ে আৰু মহৰ সৈতে সম্পৰ্কিত ৰোগৰ মূল্যায়ন কৰে।” গুডনাইটৰ প্ৰতিবেদনৰ অন্তৰ্দৃষ্টিৰ বিষয়ে বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি মুম্বাইৰ মুলুন্দস্থিত ফৰ্টিছ চিকিৎসালয়ৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ ড০ কীৰ্তি চাবনিছে কয় যে, “মহজনিত ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাটো ব্যক্তিগত দায়বদ্ধতাতে সীমাবদ্ধ নহয়; এয়া আমি নিজৰ আৰু আমাৰ সম্প্ৰদায়ৰ প্ৰতি দায়বদ্ধ হোৱা এক সামূহিক কৰ্তব্য।” Share this:FacebookX Related Post navigation এইচ পিৰ এআই বিপ্লৱ: পৰৱৰ্তী-জেনেৰ পি চিবোৰে প্ৰদৰ্শন, সুৰক্ষা আৰু সৃজনশীলতাক পুনৰ নিৰ্ধাৰণ কৰে বাজাজ এলিয়াঞ্জৰ দ্বাৰা ক্লাইমেটছেফে তাৎক্ষণিক দাবী আৰু অনুকূলিত জলবায়ু সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে