বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে। ২০১৮ চনৰ এক চেক বাউন্স গোচৰত আইনী নিৰীক্ষণৰ অধীনত থকা অভিনেতাগৰাকীক আদালতে ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমর্পণ কৰিবলৈ নির্দেশ দিছিল। অভিনেতাগৰাকীয়ে ১১ দিন কাৰাগাৰত থাকি জামিনৰ বাবে আবেদন আগবঢ়াইছিল। অভিযোগকাৰীৰ বেংক একাউণ্টত ১.৫ কোটি টকা জমা কৰাৰ পাছত ৰাজপাল যাদৱৰ আইনী সকাহৰ পথ মুকলি হোৱা বুলি আদালতে উল্লেখ কৰে । Share this:FacebookX Related Post navigation কাঠফুলাৰ উপকাৰী গুণৰ বিষয়ে জানেনে আজি অসমত উপস্থিত প্ৰিয়ংকা গান্ধী