অসমবাসীৰ বাবে গৌৰৱৰ বিষয় ৷ বিগ বাজেটৰ ছবি ৰামায়ণত দেখিবলৈ পোৱা যাব অভিনেত্ৰী সুৰভী দাসক ৷অসমৰ এখন পৰিচিত তথা জনপ্ৰিয় মুখ, সুৰভী দাস ৷ বৰ্তমান মুম্বাইৰ বাসিন্দা সুৰভী ৷ অসমৰ মনোৰঞ্জন জগতখনত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ পাছত সুৰভী উৰা মাৰিছিল মায়ানগৰী মুম্বাইলৈ ৷উদ্যোগটোত নিজকে প্ৰতিষ্ঠা কৰাৰ যুঁজ অব্যাহত আছে সুৰভীৰ ৷ মুম্বাইত বহু অডিশ্যন দিছে ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে ৷ মনৰ পচন্দৰ কামো পাইছে তেওঁ ৷ পিছে এতিয়া সকলোকে আচৰিত আৰু সুখী কৰি সুৰভীয়ে খোজ দিছে বলীউডত ৷ হয়, আপোনালোকে ঠিকেই পঢ়িছে ৷ বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত প্ৰৱেশ কৰিছে সুৰভীয়ে ৷পৌৰাণিক ছবি ৰামায়ণৰ পৰিচালনাত আছে নিতেশ তিৱাৰী আৰু প্ৰযোজনাত আছে নমিত মালহোত্ৰা ৷ এখন অন্যতম ব্যয়বহুল ছবি, যাৰ তিনি মিনিটৰ প্ৰথম আভাসে দৰ্শকৰ চকু থৰ কৰি ৰাখিছে ৷ তাতোকৈ ডাঙৰ কথা ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে আৰু সীতাৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সাই পল্লৱীক ৷ বহু নামী-দামী তাৰকাৰে সমাহাৰেৰে নিৰ্মাণ কৰা ছবিখনত সুৰভী দাসৰ প্ৰৱেশ নিশ্চয়কৈ প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *