বন্দে ভাৰতৰ পিছত এতিয়া দেশবাসীয়ে অপেক্ষা কৰিছিল বুলেট ট্ৰেইনৰ বাবে আৰু ৰে’লৱেই এতিয়া দেশবাসীৰ এই অপেক্ষাৰ অৱসান ঘটোৱাৰ বাবে আগবাঢ়িছে। দ্ৰুতগতিৰ বুলেট ট্ৰেইনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে ৰে’লৱেই। প্ৰকাশিত খবৰ অনুসৰি, দ্ৰুতগতিৰ এই বুলেইট ট্ৰেইন ক’ৰপৰা চলিব আৰু কোনবোৰ ষ্টেচনক সামৰি ল’ব তাৰ তালিকাও প্ৰায় প্ৰস্তুত কৰা হৈছে।সূত্ৰ অনুসৰি টিলা কনছালটেণ্টছ প্ৰাইভেট লিমিটেডে এই ট্ৰেকৰ বাবে মাটি জৰীপৰ কাম আৰম্ভ কৰিছে। জানিব পৰা মতে, এই বুলেইট ট্ৰেইণ বাৰাণসীৰ পৰা হাওৰালৈ চলাচল কৰিব।সূত্ৰ অনুসৰি টিলা কনছালটেণ্টছ প্ৰাইভেট লিমিটেডে এই ট্ৰেকৰ বাবে মাটি জৰীপৰ কাম আৰম্ভ কৰিছে। জানিব পৰা মতে, এই বুলেইট ট্ৰেইণ বাৰাণসীৰ পৰা হাওৰালৈ চলাচল কৰিব।তথ্য অনুসৰি এলিভেটেড ট্ৰেক আৰু ষ্টেচনৰ বাবে প্ৰায় ৭৭.৩ হেক্টৰ মাটি অধিগ্ৰহণ কৰা হ’ব। বাৰাণসীৰ পৰা হাওৰালৈ বুলেট ট্ৰেইনৰ পথৰ দৈৰ্ঘ্য হ’ব ৭৬০ কিলোমিটাৰ। ইয়াৰ জৰিয়তে উত্তৰ প্ৰদেশ, বিহাৰ আৰু বংগৰ প্ৰায় আটাইবোৰ ডাঙৰ চহৰক সংযোগ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *