গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ(জিআইজি)ৰ ব্ৰেণ্ড-অজ্ঞেবাদী খাদ্য আৰু জীৱনশৈলী প্লেটফৰ্ম গড্ৰেজ ভিখ্ৰোলি কুচিনাই  ফুড ব্লগাৰ এছ’চিয়েচন অৱ ইণ্ডিয়া(এফ বি এ আই)ৰ সৈতে অংশীদাৰিত্বৰে তাজ হলিডে ভিলেজ, গোৱাৰ চেভেন ৰিভাৰ্ছত  সগৌৰৱেৰে আয়োজন কৰে ইণ্ডিয়া ফুড এণ্ড বেভাৰেজ এৱাৰ্ড ২০২৪ (আই এফ বি এ) অনুষ্ঠানৰ।  ভাৰতৰ বৈচিত্ৰময় খাদ্য পৰিৱেশ তন্ত্ৰক উদযাপন কৰি আই এফ বি এয়ে এনে ব্যক্তি আৰু সত্তাক সন্মান জনাই আহিছে যাৰ ব্যতিক্ৰমী কামে খাদ্য আৰু ৰন্ধন উদ্যোগক গঢ় দিয়াৰ লগতে ন ৰূপত সংজ্ঞায়িত কৰিছে।

২০২৪ চনৰ আইএফবিএয়ে ১১টা মূল শাখাত অনন্য প্ৰতিভাধৰসকলক স্বীকৃতি প্ৰদান কৰিছিল, য’ত ফেচবুক, ইনষ্টাগ্ৰাম, ব্লগ, ইউটিউব, মিডিয়া, আতিথ্য, ৰাজহুৱা ভোটিং, এফবিএআই ষ্টাৰ, উদ্যোগ সমৰ্থন, শিক্ষা, জনসংযোগ(পিআৰ) সংস্থা তথা আতিথ্য আৰু ৰন্ধনশালত অৱদানকে ধৰি ৩৩টা উপ-শাখা সামৰি লোৱা হৈছিল। এইবাৰৰ অনুষ্ঠানত মুঠ ১৫৫ গৰাকী বিজয়ীক সন্মান জনোৱা হয়, যিয়ে ভাৰতৰ সমৃদ্ধিশালী খাদ্য আৰু পানীয় উদ্যোগৰ এক উল্লেখযোগ্য সংমিশ্ৰিত খণ্ডক প্ৰতিনিধিত্ব কৰে।সন্ধিয়াৰ আটাইতকৈ প্ৰত্যাশিত মুহূৰ্তবোৰৰ ভিতৰত অন্যতম আছিল এছটিটিইএম ২.০ মুকলি কৰা,গড্ৰেজ য়াম্মিজৰ দ্বাৰা ভাৰতৰ ফ্ৰজেন স্নেক্স ৰিপৰ্ট, গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্পৰেট ব্ৰেণ্ড আৰু যোগাযোগ বিভাগৰ মুখ্য যোগাযোগ বিষয়া সুজিত পাটিল, বিশ্ববিশ্ৰুত ৰন্ধন বিশেষজ্ঞ সঞ্জয়ত কীৰ, চেফ সব্যসাচী গোৰাই আৰু কল্যাণ কল্যাণকাৰে এছটিটিইএম ২.০ উন্মোচন কৰে।

উদ্বোধনী অনুষ্ঠানত নিজৰ অভিমক প্ৰকাশ কৰি গড্ৰেজ ফুডছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অভয় পাৰনাৰকাৰে কয় যে, “ভাৰতত বিকশিত স্নেক সংস্কৃতি অন্বেষণ কৰি ইণ্ডিয়ান ফ্ৰোজেন স্নেক প্ৰতিবেদনৰ দ্বিতীয় সংস্কৰণ উপস্থাপন কৰিবলৈ পাই মই উৎসাহিত হৈছোঁ।” এই বঁটাৰ সৈতে সংগতি ৰাখি গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্পৰেট ব্ৰেণ্ড আৰু যোগাযোগ বিভাগৰ মুখ্য যোগাযোগ বিষয়া সুজিত পাটিলে কয় যে, “ভিখ্ৰোলি কুচিনা এক সামগ্ৰিক আৰু উদ্ভাৱনীমূলক খাদ্য সম্প্ৰদায়ৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় দিছে। ভাৰতৰ ৰন্ধন প্ৰণালীক সংজ্ঞায়িত কৰা অসামান্য প্ৰতিভা আৰু সৃষ্টিশীলতাক স্বীকৃতি প্ৰদান কৰি এফবিএআই-ৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্ব কৰিবলৈ পাই আমি নথৈ আনন্দিত। এই সাফল্যক সন্মান প্ৰদানে সমগ্ৰ দেশৰ বিভিন্ন সংস্কৃতি আৰু সোৱাদসমূহক সংযোগ কৰি ৰন্ধন সম্প্ৰদায়ৰ উৎকৃষ্টতা উদযাপন আৰু উন্নীত কৰাৰ বাবে আমাৰ অংশীদাৰী অভিযানক চালিত কৰে। একে সময়তে এবাৰত এটা অনুপ্ৰাণিত ব্যঞ্জন আগবঢ়াই ভাৰতৰ খাদ্য ক্ষেত্ৰক নতুন মাত্ৰা অনাৰ বাবে সকলো বিজয়ীক অভিনন্দন।”

Leave a Reply

Your email address will not be published. Required fields are marked *