গড্ৰেজ জাৰ্চীৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে যে দেশৰ ৬০% অভিভাৱকে নিজৰ সন্তানৰ বাবে গাখীৰ সেৱনক অগ্ৰাধিকাৰ দিয়ে যাতে কেলচিয়ামৰ পৰ্যাপ্ত পৰিমাণ নিশ্চিত হয়। বটমছ আপ…ইণ্ডিয়া চেজ চিয়েৰ্ছ টু মিল্ক! শীৰ্ষক প্ৰতিবেদনত সমগ্ৰ দেশৰ অভিভাৱকসকলে শিশুৰ খাদ্যতালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰাৰ বিভিন্ন কাৰণৰ ওপৰত আলোকপাত কৰিছে। বহু অভিভাৱকে সামগ্ৰিক স্বাস্থ্য বজাই ৰখা, ওজন নিয়ন্ত্ৰণ আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদানৰ ক্ষেত্ৰত দুগ্ধৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইউগভৰ দ্বাৰা কৰা জৰীপটোত দিল্লী, লক্ষ্ণৌ, মুম্বাই, পুনে, হায়দৰাবাদ, চেন্নাই, বাংগালোৰ আৰু কলকাতাকে ধৰি আগশাৰীৰ চহৰসমূহৰ আৱাসীসকলৰ সঁহাৰি লক্ষ্য কৰিছিল। লক্ষণীয়ভাৱে হায়দৰাবাদস্থিত অভিভাৱকসকলে গাখীৰৰ বাবে সৰ্বাধিক ৬৬% অগ্ৰাধিকাৰ দেখুৱাইছিল, আনহাতে লক্ষ্ণৌ আৰু কলকাতাৰ দৰে চহৰত সৰ্বনিম্ন ৫৫% অগ্ৰাধিকাৰ দিয়া দেখা গৈছিল। গড্ৰেজ জাৰ্চীৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেন্দ্ৰ ছুৰীয়ে এই বিষয়ে কয় যে, “শিশুৰ বিকাশৰ বাবে উচ্চ মানদণ্ডৰ প্ৰ’টিন, কেলচিয়াম আৰু ভিটামিনৰ সৈতে গাখীৰ অত্যাৱশ্যকীয়।” পৰম্পৰাগত গাখীৰৰ লগতে এই প্ৰতিবেদনত দেখা গৈছে যে ৯০% শিশুৱে সপ্তাহত ৪-৫ বাৰতকৈ অধিক গাখীৰ সেৱন কৰে আৰু ৪০%তকৈ অধিক অভিভাৱকে নিজৰ সন্তানক দৈনিক খাদ্যৰ সলনি বা খেলাৰ সময়ত সোৱাদযুক্ত গাখীৰ আগবঢ়ায়। গুৱাহাটীৰ আৱাসীৰ স্থানীয় প্ৰৱণতাও ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখে। অভিভাৱকসকলে ক্ৰমান্বয়ে কেলচিয়াম সমৃদ্ধ সামগ্ৰীবোৰক অগ্ৰাধিকাৰ দি আহিছে, যি শিশুৰ আহাৰত গাখীৰৰ পুষ্টিকৰ উপকাৰিতাৰ বিষয়ে বৰ্ধিত সজাগতা প্ৰতিফলিত কৰে। Share this:FacebookX Related Post navigation মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু এমএছডিই সচিবে দক্ষতা বিকাশ শক্তিশালী কৰিবলৈ মিডিয়া আৰু মনোৰঞ্জন দক্ষতা পৰিষদৰ সৈতে সাক্ষাৎ কৰে ড. নিৰ্মল কুমাৰ জৈন: শিশুৰ স্বাস্থ্যকৰ বিকাশ আৰু বিকাশৰ বাবে ৭টা অত্যাৱশ্যকীয় ভেকছিন