গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ পেট কেয়াৰ(জন্তুৰ যতন), বডী ৱাশ্ব, লিকুইড ডিটাৰজেণ্ট, ডিঅ’ডৰেণ্ট, এয়াৰ ফ্ৰেছনাৰ আৰু যৌন সুস্থতাকে ধৰি চাহিদা বৃদ্ধি পোৱা শেহতীয়া শিতানসমূহৰ দিশে নিজৰ দৃষ্টি নিবদ্ধ কৰিছে। খাদ্যৰ মুদ্ৰাস্ফীতি লাঘৱ, সম্ভাৱ্য আয়কৰ সকাহ আৰু আগন্তুক দৰমহা আয়োগৰ ঘোষণা আদিয়ে অহা ১২–১৮ মাহত চাহিদা পুনৰুজ্জীৱিত হোৱাত গ্ৰাহকৰ ব্যয়ত ইন্ধন যোগাব বুলি জিচিপিএলে আশা ৰাখিছে। জিচিপিএলৰ এমডি তথা চিইঅ’ সুধীৰ সীতাপতিয়ে এই বিষয়ে সদৰি কৰি কয় যে, “সামগ্ৰিক অৰ্থনৈতিক সূচক উন্নত হ’লে সুদিন ঘূৰি আহিব বুলি আমি গভীৰভাৱে আশাবাদী।” তৈলপামৰ ব্যয় বৃদ্ধি হোৱা স্বত্বেও এবিটডাৰ ব্যৱধানত বিশেষ পৰিৱৰ্তন হোৱা নাছিল, প্ৰতিষ্ঠানটোৰ ব্যয় বৃদ্ধিৰ বোজা কেৱল ১৫-১৬%হে হৈছিল, এয়াও এক হ্ৰস্বম্যাদী প্ৰভাৱ বুলি আশা কৰা হৈছে। ইতিমধ্যে জিচিপিএলে ব্লক আৰু কামসূত্ৰ ব্ৰেণ্ডৰ অধীনত ফেব লিকুইড ডিটাৰজেণ্ট আৰু বাজেট ডিঅ’ডৰেণ্টৰ দৰে সামগ্ৰী মুকলিৰ জৰিয়তে সফলতা লাভ কৰিছে। পেট যতন সামগ্ৰীৰ ব্ৰেণ্ড গড্ৰেজ নিঞ্জা আৰু পেটেণ্টযুক্ত আৰএমএফ প্ৰযুক্তিৰে কীটনাশক উদ্ভাৱনে কোম্পানীক ভৱিষ্যদৰ্শী খণ্ডসমূহৰ দিশে আগুৱাই নিব। গুৱাহাটী মহানগৰীতো ৰিটেইলাৰসকলে গড্ৰেজৰ নতুন সামগ্ৰীৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে, বিশেষকৈ ব্যক্তিগত যত্ন আৰু এয়াৰ ফ্ৰেচনাৰ সামগ্ৰীৰ চাহিদা বাঢ়িছে। চহৰখনৰ বৰ্ধিত নগৰীয় উপভোক্তা আধাৰ জিচিপিএলৰ পৰিমাণ-চালিত বিকাশ ৰণকৌশলৰ সৈতে ভালদৰে সংৰেখিত। প্ৰায় ৭০০ কোটিৰ বিনিয়োগ পৰিকল্পনা আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণ অব্যাহত থকাৰ সময়তে জিচিপিএলে ২০২৬ বিত্তীয় বৰ্ষত মজলীয়াৰৰ পৰা উচ্চ পৰিমাণৰ ব্যৱসায় বৃদ্ধি আৰু ২০২৫ বিত্তীয় বৰ্ষত দুটা সংখ্যাৰ এবিটডা বৃদ্ধিৰ অনুমান কৰিছে। Share this:FacebookX Related Post navigation নতুন চমকপ্ৰদ সংকলনৰ সৈতে গুৱাহাটীত ২০০+ হেয়াৰ ষ্টাইলিষ্টক উন্নীতকৰণ গড্ৰেজ প্ৰফেচনেলৰ কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড মুকলি কৰিছে