গড্ৰেজ এগ্ৰ’ভেট প্ৰতিষ্ঠানৰ শীৰ্ষ নেতৃত্বই ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ লগতে কৃষকসকলক সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভূয়সী প্ৰশংসা কৰিছে। গড্ৰেজ এগ্ৰ’ভেটৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে বাজেটৰ ব্যাপক ঘোষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা বৃদ্ধি আৰু মাহজাতীয় সামগ্ৰী আৰু ভোজ্য তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে লোৱা পদক্ষেপসমূহৰ পদক্ষেপৰ ওপৰত আলোকপাত কৰিছে। বাজেটৰ এই ইতিবাচক পদক্ষেপমূহে “বিকশিত ভাৰত” প্ৰাপ্তিৰ দিশত সহায়ক হ’ব। গড্ৰেজ এগ্ৰ’ভেটৰ শস্য সুৰক্ষা ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেলু এন কে-এ শস্যৰ উৎপাদনশীলতা আৰু সুৰক্ষা, বিশেষকৈ কপাহ উৎপাদনশীলতা অভিযান আৰু প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে উচ্চ প্ৰশংসা কৰিছে। ৰাজেলু এন কে-ই কৃষকৰ সমৃদ্ধি আৰু খাদ্য সুৰক্ষাৰ বাবে শস্য সুৰক্ষা, বহনক্ষম কৃষি আৰু শস্য চপোৱাৰ পিছত আন্তঃগাঁথনি একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এক সমৃদ্ধ অৰ্থনীতিৰ বাবে এক শক্তিশালী কৃষি খণ্ড অতিকৈ গুৰুত্বপূৰ্ণ। উত্তৰ-পূব ভাৰতৰ কৃষিজাত সামগ্ৰীৰ এক প্ৰধান বাণিজ্যিক কেন্দ্ৰ হৈছে গুৱাহাটী, গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যখনতে বাজেটৰ এই পদক্ষেপসমূহে ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। কৃষকৰ আয় বৃদ্ধি আৰু উন্নত কৃষি আন্তঃগাঁথনিৰ ফলত অঞ্চলটোত বাণিজ্য আৰু অৰ্থনৈতিক কাৰ্য-কলাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত কৃষক আৰু গ্ৰাহক উভয়ে উপকৃত হ’ব। উচ্চ উৎপাদনশীল, জলবায়ু-বহনক্ষম বীজ আৰু বৈচিত্ৰ্যতাৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত অসমৰ কৃষকসকলে বিশেষভাৱে উপকৃত হ’ব পাৰে, যিসকলে প্ৰায়ে দুৰ্যোগ-জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। Share this:FacebookX Related Post navigation উত্তৰ-পূৰ্ব ক্ষুদ্র বিত্ত বেণ্ডৰ বেঙ্গালুরু আৰু মুম্বাইত অসম এডভেন্টেজ ২.০ ৰোডচ’ত সাফল্যৰ জ্যোতি বাজেট দাখিলৰ পিছত এই অভিমতনৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ এমডি তথা চিইঅ’ সতীশ কুমাৰ কালৰাৰ