দেশৰ আগশাৰীৰ বৈচিত্ৰ্যময় কৃষি-ব্যৱসায়িক প্ৰতিষ্ঠান গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(গড্ৰেজ এগ্ৰ’ভেট)-এ আজি গাহৰিৰ জীৱনচক্ৰৰ প্ৰতিটো পৰ্যায়ত অনুকূল পুষ্টি প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা বৈজ্ঞানিকভাৱে বিকশিত গাহৰিৰ খাদ্য পৰিসৰ গড্ৰেজ প্ৰাইড হগ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই পৰিসৰত অন্তৰ্ভুক্ত হৈছে ষ্টাৰ্টাৰ, গ্ৰৱাৰ আৰু ফিনিচাৰ ভেৰিয়েণ্ট, যিয়ে উন্নত স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিকাশৰ বাবে সন্তুলিত পুষ্টি নিশ্চিত কৰে। এই উন্মোচনৰ অংশ হিচাপে গড্ৰেজ এগ্ৰ’ভেটে গুৱাহাটীত আফ্ৰিকান ছোৱাইন ফিভাৰ(এএছএফ)ৰ প্ৰতিৰোধমূলক ব্যৱস্থা আৰু গাহৰি পাম ব্যৱস্থাপনাৰ সৰ্বোত্তম পদ্ধতিসমূহৰ বিষয়ে আলোচনাৰ বাবে গুৱাহাটীত এক ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। এই অনুষ্ঠানত উদ্যোগ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে, য’ত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম লিমিটেডৰ জেনেৰেল মেনেজাৰ ড০ পূৰ্ণানন্দ কোঁৱৰ আৰু গড্ৰেজ এগ্ৰ’ভেটৰ পশু খাদ্য ব্যৱসায়ৰ  চিইঅ’ কেপ্তেইন (ড°) এ ৱাই ৰাজেন্দ্ৰ উপস্থিত আছিল।

এই শুভাৰম্ভণিৰ বিষয়ে সদৰি কৰি গড্ৰেজ এগ্ৰ’ভেটৰ পৰিচালনা সঞ্চালক বলৰাম সিং যাদৱে কয় যে, “উত্তৰ-পূৰ্বাঞ্চলত দেশৰ ~৯ মিলিয়ন গাহৰিৰ সংখ্যাৰ আধা অংশই দখল কৰি আহিছে, এই গাহৰি পালন ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বাবে জীৱিকাৰ এক গুৰুত্বপূৰ্ণ উৎস। কৃষক পৰিয়ালসমূহৰ উন্নতিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰাইড হগে এক উচ্চ-মানদণ্ডৰ, গৱেষণা সমৰ্থিত খাদ্য সমাধান আগবঢ়ায়, যি গাহৰিৰ স্বাস্থ্য বৃদ্ধিৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিকাশৰ সম্ভাৱনা সৰ্বাধিক কৰে। আমি নিশ্চিত যে, এই পৰিসৰসমূহে কৃষকৰ লাভ আৰু উৎপাদনশীলতা বৃদ্ধি কৰাত অৰিহণা যোগাব।”

২০২০ চনত প্ৰথমবাৰৰ বাবে চিনাক্ত হোৱাৰ পিছত এএছএফ-এ উত্তৰ-পূৰ্বাঞ্চলৰ গাহৰি পালকসকলৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই অতি সংক্ৰামক ভাইৰাছজনিত ৰোগে ঘৰুৱা আৰু বনৰীয়া গাহৰিক প্ৰভাৱিত কৰে, যাৰ ফলত ইয়াৰ উচ্চ মৃত্যুৰ হাৰৰ বাবে গুৰুতৰ অৰ্থনৈতিক পৰিণতি দেখা গৈছে। অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম লিমিটেডৰ জেনেৰেল মেনেজাৰ ড০ পূৰ্ণানন্দ কোঁৱৰে এই বিষয়ে উল্লেখ কৰি কয় যে, ” উত্তৰ-পূৰ্বাঞ্চলৰ এএছএফৰ প্ৰাদুৰ্ভাৱৰ প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আধুনিকীকৃত গাহৰি পালন পদ্ধতিৰ জৰুৰী প্ৰয়োজনীয়তাসমূহ সম্বোধন কৰিছে। ৰাষ্ট্ৰীয় পশুধন অভিযানৰ দৰে পদক্ষেপে কৃষক আৰু ব্যৱসায়ীসকলক এই খণ্ডত স্থিতিস্থাপকতা গঢ়ি তোলাৰ বাবে বৈজ্ঞানিক পন্থা গ্ৰহণ কৰাত সহায় কৰিছে।” ভেকচিনৰ অনুপস্থিতিত এএছএফৰ কাৰ্যকৰী ব্যৱস্থাপনা কঠোৰ জৈৱ সুৰক্ষা প্ৰট’কল, নিয়ন্ত্ৰিত গাহৰিৰ গতিবিধি, সংৰক্ষণ ম্যাদ, আৰু সঠিক পৰিচ্ছন্নতা বজাই ৰখাৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও ৰোগৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ উচ্চ মানদণ্ডৰ খাদ্য প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ।

Leave a Reply

Your email address will not be published. Required fields are marked *