থাইলেণ্ডৰ পৰা বিতাড়ন কৰা হ’ল গোৱা অগ্নিকাণ্ডৰ অভিযুক্ত নাইটক্লাব ‘বিৰ্চ বাই ৰোমিঅ’ লেন’ৰ সহ-গৰাকী গৌৰৱ লুত্ৰা আৰু সৌৰভ লুত্ৰাক। মঙলবাৰে থাইলেণ্ড কৰ্তৃপক্ষই লুত্ৰা ভাতৃদ্বয়ক ভাৰতলৈ প্ৰেৰণ কৰে। এই অগ্নিকাণ্ড যোৱা ৬ ডিচেম্বৰত সংঘটিত হৈছিল। এই ঘটনাত ২৫ জন লোকে প্ৰাণ হেৰুৱাইছিল। ক্লাৱটোৰ সহ-গৰাকী দুজনে অগ্নিকাণ্ডৰ পিছতে থাইলেণ্ডৰ ফুকেটলৈ পলায়ন কৰিছল। ইয়াৰ পিছত তেওঁলোকৰ বিৰুদ্ধে ইণ্টাৰপোলে ব্লু কৰ্ণাৰ জাননী জাৰি কৰে। উল্লেখ্য যে, গোৱা অগ্নিকাণ্ডৰ তদন্ত অব্যাহত থকাৰ সময়তে থাইলেণ্ডে বিতাড়ন কৰে লুত্ৰা ভাতৃদ্বয়ক। ইতিমধ্যে ক্লাৱ কৰ্তৃপক্ষৰ সুৰক্ষা উলংঘনৰ ওপৰত বৰ্তমান তদন্ত চলি আছে। পূৰ্বে ১১ ডিচেম্বৰত থাই কৰ্তৃপক্ষই দুয়োকে আটক কৰিছিল। ভাৰতীয় মিছনে এই ক্ষেত্ৰত হস্তক্ষেপ লৈছিল। অনলাইনত লুত্ৰা ভাতৃদ্বয়ৰ বেংকক বিমানবন্দৰৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈ পৰিছিল থাই আৰক্ষী। ভাৰতত উপস্থিত হোৱাৰ পিছতে আইনী প্ৰক্ৰিয়াৰ বাবে ভাৰতীয় কৰ্তৃপক্ষই তেওঁলোকক নিজৰ হাতত ল’ব। গোৱা আৰক্ষীয়ে এই অগ্নিকাণ্ডৰ সৈতে জড়িত পাঁচজন মেনেজাৰ আৰু কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। Share this:FacebookX Related Post navigation তেজপুৰ বিশ্ববিদ্যালয়ৰ পলাতক উপাচাৰ্য শম্ভূনাথ সিঙৰ অপসাৰণৰ দাবী, ৯ ঘণ্টীয়া অনশন শিক্ষাৰ্থীৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ সদস্য ছাজিদ জোট