বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এগৰাকী মুছলমান মহিলা চিকিৎসকৰ মুখৰ পৰা হিজাব খোলা ঘটনাক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কই এতিয়া এক নতুন মোৰ লৈছে। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বৃহস্পতিবাৰে এই সন্দৰ্ভত এক অতি বিতৰ্কিত মন্তব্য কৰে। হিজাব খোলাৰ প্ৰতিবাদত যদি মহিলাগৰাকীয়ে চৰকাৰী চাকৰি ল’বলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁ “জহান্নামলৈ যাওক” বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

গিৰিৰাজ সিঙে নীতিশ কুমাৰৰ সমৰ্থন কৰি কয় যে মুখ্যমন্ত্ৰীয়ে একো ভুল কৰা নাই। তেওঁৰ মতে, নিযুক্তি পত্ৰ ল’বলৈ আহিলে মুখখন দেখুওৱাটো দৰকাৰ। সিঙে প্ৰশ্ন কৰে, “ভাৰত কোনো ইছলামিক দেশ নেকি? এয়া পাকিস্তান নহয়, ইয়াৰ নিজা নিয়ম আছে। এয়া ভাৰত আৰু ইয়াৰ শাসন ব্যৱস্থা অনুসৰিহে চলিব।” তেওঁ নীতিশ কুমাৰক এগৰাকী অভিভাবকৰ সৈতে তুলনা কৰি তেওঁৰ কাৰ্যক সঠিক বুলি অভিহিত কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে বিৰোধী দলসমূহ জাঙুৰ খাই উঠিছে। কংগ্ৰেছ সাংসদ তৰিক আনোৱাৰে গিৰিৰাজ সিঙক “নিম্নমানৰ মানসিকতাৰ লোক” বুলি অভিহিত কৰে। পিডিপি নেত্ৰী ইলটিজা মুফতীয়েও তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে মুছলমান ভগ্নী-মাতৃৰ হিজাব স্পৰ্শ কৰিবলৈ সাহস নকৰিব। আনহাতে, এনচিপি সাংসদ ফৌজিয়া খানে কয় যে এগৰাকী মহিলাৰ পৰ্দা আঁতৰোৱাটো তেওঁক বিবস্ত্ৰ কৰাৰ দৰেই এক কাণ্ড।

Leave a Reply

Your email address will not be published. Required fields are marked *