পূর্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান আৰু ব্যয় সাধ্য উচ্চ মানসম্পন্ন স্বাস্থ্য সেৱাৰ বাটকটীয়া জিএন আৰচি হাস্পতালন দিছপুৰ চৌহদত শুকুৰবাৰে ক্রনিক চাগডিউৰেল হেমাট’মা (SDH) আৰু নিউৰ’ ইন্টাৰভেনশ্বন বিষয়ত দিনজোৰা কার্যসূচীৰে এখন আন্তঃৰাষ্ট্রীয় কর্মশালা আৰু আলোচনাচক্ৰৰ আয়োজন কৰৱ হয়। বণ্ট গ্রুপৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত অনুষ্ঠিত নিউৰ”ভাছকুলাৰ কেথলেবত কর্মশালাখন অনুষ্ঠিত হয়।বৰ্তমান সময়ত ক্রনিক চাবডিউৰেল হেমাট’মা (cSDH) ব চিকিৎসাবৰ ক্ষেত্রত মিডিল মেনিনজিয়েল আর্টেৰী (MMA) ৰ এম্ব’ লাইজেশ্বন সমন্বিতে অন্যান্য অত্যাধুনিক কৌশলসমূহৰ বিষয়েও ইয়াত আলোচনা কৰা হয়। আনহাতে, সন্ধিয়া অনুষ্ঠিত হোৱা কর্মশালাখনত অসমৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসক সমন্বিতে উত্তৰ-পূর্বাঞ্চলৰ শতাধিক চিকিৎসকে অংশগ্রহণ কৰে।

স্পেইনৰ মাদ্রিদৰ ক্লিনিক’ চান কাৰ্লোছৰ সহযোগী অধ্যাপক ডাঃ মেনুৱেল মৰিইউ গামাজ’ আজিৰ এই অনুষ্ঠানত মুখ্য সমল ব্যক্তিরূপে উপস্থিত থাকে। জিএনআৰচি হাস্পতালৰ ইন্টাৰভেনশ্বনেল বেডিঅ’লজী বিভাগৰ মুখ্য পৰামর্শদাতা ডাঃ ফিৰদৌছ আহমেদ, স্নায়ুশল্য বিভাগৰ জ্যেষ্ঠ পৰামর্শদাতা ডাঃ নৱজ্যোতি বৰা আৰু নিউৰ’ এনাস্থেছিয়া বিভাগৰ ডাঃ আবু শ্বাহিদ ৰিয়াজে আলোচনাচক্ৰখনত ক্র’নিক চাবডিউবেল হেমাট’মা (cSDH) ৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *