ভাৰতৰ ফেষ্টিভ ছিজন হৈছে জাকজমনকতা, আনন্দ আৰু নিশ্চিতভাৱে অপৰিহাৰ্য মিঠাই আৰু সুস্বাদু খাদ্যৰে ভৰি থকা আনন্দদায়ক বিতৰণ। উৎসৱমুখৰ খাদ্য উপভোগ কৰাটো ভাল হ’লেও, অতিমাত্ৰা খালে আপুনি অলস আৰু অস্বস্তি অনুভৱ কৰিব পাৰে৷ বছৰৰ শেষলৈকে একেৰাহে উদযাপন কৰিবলৈ অভিনেত্ৰী, লেখিকা আৰু মাতৃ সোহা আলী খানে গো-টু ৱেলনেছ গাইড শ্বেয়াৰ কৰিছে, যাৰ সহায়ত স্বাস্থ্যৰ সৈতে আপোচ নকৰাকৈ উৎসৱ উপভোগ কৰাত সহায় কৰিব পাৰে। সোহাই কয় যে, আগতীয়াকৈ নোখোৱাকৈ পাৰ্টিলৈ যোৱাটো “আপুনি কৰা আটাইতকৈ নেতিবাচক কাম হ’ব পাৰে। যেতিয়া এজন মানুহ ভোকত থাকে, তেতিয়া মানুহজনে প্ৰায়ে অস্বাস্থ্যকৰ খাদ্যসমূহ বাছি লয়। যেতিয়া আপুনি বহু সময় খোৱা-বোৱা নকৰাকৈ স্বাভাৱিকতকৈ বেছি সময় থাকে, তেতিয়া আপুনি উদ্বিগ্ন আৰু উত্তেজনা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। বিঞ্জ-ইটিং বা অতিমাত্ৰা ভোজন সাধাৰণতে এনেদৰেই আৰম্ভ হয়।”

সোহাৰ টিপছ: এটা স্থানলৈ যাতায়তৰ সময়ত সদায় এমুঠিমান কেলিফৰ্ণিয়া আলমণ্ড লৈ যাওক৷ ভজা বা মিঠাযুক্ত খাদ্যত হাত আগবঢ়োৱাৰ পৰিৱৰ্তে আলমণ্ডৰ দৰে অধিক তৃপ্তিদায়ক বিকল্প বাছি ল’বলৈ পৰামৰ্শ দিয়ে। সোহাই লগতে কয় যে, “কেলিফৰ্ণিয়া আলমণ্ডৰ মুষ্টিমেয় আলমণ্ডে পূৰ্ণতাৰ অনুভৱক প্ৰসাৰিত কৰে, যিয়ে খাদ্যৰ মাজত ভোক নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। দৰাচলতে প্ৰকাশিত আয়ুৰ্বেদিক, সিদ্ধ, ইউনানি গ্ৰন্থ অনুসৰি আলমণ্ড ছালৰ বাবে উপকাৰী আৰু ই এক শক্তিবৰ্ধক শক্তিৰ উৎস। সোহাই চিপছ বা অন্যান্য কেলৰিযুক্ত খাদ্যৰ বিকল্প হিচাপে আলমণ্ডৰ দৰে সহজে বনাব পৰা ষ্টাৰ্টাৰৰ পৰামৰ্শ দিছে।

আপোনাৰ দৈনন্দিন ৰুটিনত সতেজভাৱে কটা ফল অন্তৰ্ভুক্ত কৰি নিয়মীয়াকৈ খোৱাটো এক উত্কৃষ্ট উৎসৱৰ অভ্যাস হ’ব পাৰে, কিয়নো এইসমূহত স্বাভাৱিকভাৱেই চৰ্বি আৰু কেলৰি কম থাকে। “এইবোৰত অত্যাৱশ্যকীয় পুষ্টিও অন্তৰ্ভুক্ত থাকে, যিবোৰ আমি অন্যথা এই ফেষ্টিভ ছিজনত সাধাৰণতে গ্ৰহণ নকৰোঁ।  আঁহেৰে সমৃদ্ধ, ই বিভিন্ন ধৰণৰ ভজা আৰু মছলাযুক্ত খাদ্যৰ বাবে পেট বেয়া হোৱাৰ পৰা ৰক্ষা কৰি অন্ত্ৰৰ চলাচল নিয়মিত বা সুস্থিৰ কৰাত সহায় কৰে “, সোহাই লগতে এইদৰে কয়।

সোহা আলী খানে খাদ্যত বিভিন্নতা যোগ কৰিবলৈ আপেল, কমলা, চিকু, তৰমুজ আৰু আঙুৰৰ দৰে ফল মিহলি কৰাৰ পৰামৰ্শ দিছে। আপুনি সেইবোৰ জুচ বা স্মুদী হিচাপেও উপভোগ কৰিব পাৰে, কেলিফৰ্ণিয়া আলমণ্ড সন্নিৱিষ্টৰে সমাপ্ত কৰিব পাৰে। চলাচল কৰি থাকক : উৎসৱবোৰে আপোনাৰ নিয়মীয়া ব্যায়ামৰ ৰুটিনৰ পৰা আঁতৰাই পেলাব পাৰে, কিন্তু সোহাই পাতলীয়া বা কমকৈ হ’লেও চলাচলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেয়া দ্ৰুত খোজকঢ়া, দ্ৰুত দৌৰ বা ঘৰত পাতল ষ্ট্ৰেচ কৰিব পাৰে, সক্ৰিয় হৈ থকাটোৱে অতিৰিক্ত কেলৰি নোহোৱা কৰাত সহায় কৰে আৰু শৰীৰক শক্তিশালী কৰি ৰাখে। ইয়াৰ দ্বাৰা আপুনি গ্ৰহণ কৰা অতিৰিক্ত কেলৰিও নোহোৱা কৰাত সহায় হ’ব”, সোহাই এইদৰে কয়।  হাইড্ৰেট, হাইড্ৰেট, হাইড্ৰেট : সামৰণিত সোহাই কয় যে, “প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত। হাইড্ৰেট হৈ থাকিবলৈ এটা বটল পানী লগত লৈ যাওক। প্ৰচুৰ পৰিমাণে পানী খালে অম্লতা নিয়ন্ত্ৰণত সহায় কৰিব, যি সাধাৰণতে ভজা আৰু তৈলাক্ত খাদ্যৰ ফলত হয়।”

Leave a Reply

Your email address will not be published. Required fields are marked *