প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল’ন। আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পীজনৰ অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে। যদিও অনুৰাগীসকল টিকত বিচৰাত ব্যস্ত কিন্ত আন একাংশই এনে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে বহু সমালোচনাও কৰিছে সামাজিক মাধ্যমত। অসম চৰকাৰৰ সহযোগত BookMyShow Live ৰ উদ্যোগত এই বিশাল কনচাৰ্ট অনুষ্ঠিত হ’ব। এই সংগীতানুষ্ঠানৰ লক্ষ্য অসমৰ পৰ্যটন, সংস্কৃতি, অৰ্থনীতি আৰু স্থানীয় ব্যৱসায়ক উন্নীত কৰা।এই অনুষ্ঠানত ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শক আহিব বুলি আশা কৰা হৈছে, কিয়নো ভাৰতত এয়া পোষ্ট মেলনৰ প্ৰথমটো solo headline concert হ’ব। পোষ্ট মেলনৰ হিট গীতসমূহ অনুষ্ঠানত শুনিবলৈ আশা কৰি আছে অনুৰাগীসকল। এগৰাকী ৰেপাৰ, গায়ক আৰু গীতিকাৰ যিয়ে হিপ-হপ, পপ, ৰক আৰু কান্ট্ৰী সংগীতৰ মিশ্ৰণৰ বাবে পৰিচিত। তেওঁৰ গ্লোবেল হিট গীতসমূহৰ ভিতৰত থাকিব পাৰে “RockStar”, “Congratulations”, “চাৰ্কলছ” আৰু “Sunflower” ইত্যাদি। Share this:FacebookX Related Post navigation ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল পুটিনক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে