এয়াৰবিএনবিৰ শেহতীয়া অভিজ্ঞতা-কেন্দ্ৰিক ভ্ৰমণ ইনচাইটছে প্ৰকাশ কৰিছে যে ভাৰতৰ জেন জিৰ মাজত ভ্ৰমণৰ এক প্ৰধান কাৰক হৈ পৰিছে লাইভ মিউজিক, ২০২৬ চনত ৬২% লোকে কনচাৰ্ট আৰু এনে অনুষ্ঠানৰ আশে-পাশে ভ্ৰমণৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে ৭৬% লোকে কয় যে, তেওঁলোকে প্ৰথমবাৰৰ বাবে কোনো চহৰলৈ গৈ নিৰ্দিষ্ট কনচাৰ্ট বা উৎসৱত অংশগ্ৰহণ কৰিছিল, আনহাতে ৪০% তকৈ অধিক লোকে এনে আমেজ ল’বলৈ বিদেশ ভ্ৰমণ কৰিবলৈ ইচ্ছুক। প্ৰতি তিনিজন উত্তৰদাতাৰ ভিতৰত এজনতকৈ অধিক লোকে কোনো অনুষ্ঠান ঘোষণাৰ লগে লগে ভ্ৰমণৰ পৰিকল্পনা কৰিছে। কনচাৰ্টক আধাৰ কৰি ভ্ৰমণৰ লগতে থকাৰ সময় বৃদ্ধি হৈছে, ৫৩% লোকে স্থানীয় কেফে, নৈশজীৱন আৰু সাংস্কৃতিক কেন্দ্ৰসমূহ অন্বেষণ কৰি অতিৰিক্ত দিন কটায়, যাৰ ফলত অঞ্চলটোৰ অৰ্থনীতি বৃদ্ধি পাইছে। প্ৰতি দহজন জেন জি ভ্ৰমণকাৰীৰ ভিতৰত ৬জনে নিজৰ মাহিলী আয়ৰ ৪০% পৰ্যন্ত সংগীত-কেন্দ্ৰিক অনুষ্ঠানৰ বাবে আবণ্টন দিবলৈ ইচ্ছুক, প্ৰতিটো ভ্ৰমণৰ গড় খৰচ ৫১,০০০ টকা।

গুৱাহাটীতো সংগীত পৰ্যটনৰ বৰ্ধিত জনপ্ৰিয়তাই উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা সাংস্কৃতিক গতিশীলতাক প্ৰতিফলিত কৰিছে।  গুৱাহাটীক জৰীপৰ ভিত্তিত অন্তৰ্ভুক্ত কৰাৰ লগে লগে এই ধাৰাটোৱে বৃহৎ পৰিসৰৰ অনুষ্ঠানৰ বাবে চহৰৰ পৰা বাহিৰলৈ যোৱা যাত্ৰা বৃদ্ধিৰ ইংগিত দিয়ে, লগতে স্থানীয় পৰ্যটন আৰু আতিথ্য বজাৰক শক্তিশালী কৰিব পৰা গন্তব্যস্থানভিত্তিক লাইভ অনুষ্ঠান আয়োজন কৰাৰ সম্ভাৱনাৰ ইংগিত দিয়ে।

এয়াৰবিএনবি ইণ্ডিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দেশৰ মুৰব্বী অমনপ্ৰীত সিং বাজাজে কয় যে সংগীতৰ আলম লৈ এনে ভ্ৰমণে সম্প্ৰদায়সমূহক নতুন ধৰণৰ সম্ভাৱনা মুকলি কৰি দিছে।  এয়াৰবিএনবিয়ে লল্লাপালুজা ইণ্ডিয়া ২০২৬-ৰ সৈতে অংশীদাৰীত্ব কৰিছে, যিয়ে মূলসুঁতিৰ ট্ৰেণ্ড হিচাপে সংগীত-কেন্দ্ৰিক পৰ্যটনৰ উত্থানক আৰু অধিক দৃঢ় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *