গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিপিচিএল)-এ ২০২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ শক্তিশালী প্ৰদৰ্শনৰ তথ্য প্ৰকাশ কৰিছে, বছৰৰ পিছত বছৰ ধৰি স্বতন্ত্ৰ বিক্ৰী আৰু পৰিমাণ দুয়োটা ক্ষেত্ৰতে ৭% বৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ তৈলপামৰ মূল্য বৃদ্ধিৰ ফলত মুদ্ৰাস্ফীতিৰ চাপৰ সন্মুখীন হোৱাৰ পিছতো জিচিপিএলৰ বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ’ই বহক্ষমতা প্ৰদৰ্শন কৰিছে। গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ একত্ৰিত মুঠ লাভ ১২% বৃদ্ধি পাইছে, যিয়ে প্ৰত্যাহ্বানমূলক বজাৰ, প্ৰতিযোগিতাৰ মাজতো নিজৰ কৌশলগত ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

গড্ৰেজৰ এই উত্থানে ইতিবাচক প্ৰৱণতা প্ৰতিফলিত কৰিব সমগ্ৰ দেশতে, য’ত ঋতুগত চাহিদা বৃদ্ধি হোৱাৰ লগে লগে ঘৰুৱা কীটনাশক আৰু এয়াৰ ফ্ৰেচনাৰ সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ আৰু চাহিদা বৃদ্ধি পাইছে। নতুনকৈ মুকলি কৰা লিকুইড ভেপ’ৰাইজাৰ আৰু জনপ্ৰিয় গুডনাইট অগৰবট্টিৰ দৰে অভিনৱ সামগ্ৰীবোৰে অধিক চাহিদা লাভ কৰিছে, যাৰ ফলত জিচিপিএলৰ বজাৰৰ অংশ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এয়াৰ ফ্ৰেচনাৰ শাখাই শক্তিশালী দুটা অংকৰ বিকাশ লাভ ৰিছে, যাৰ ফলত জিচিপিএলৰ নেতৃত্বৰ স্থিতি সুদৃঢ় হৈছে।

জিচিপিএলৰ পৰিচালন সঞ্চালক সুধীৰ সীতাপতিয়ে উল্লেখ কৰে যে যদিও তৈলপামৰ মুদ্ৰাস্ফীতিৰ বাবে ব্যক্তিগত যতনৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তথাপিও প্ৰতিষ্ঠানটোৱে মূল্যৰ ৰণনীতিৰ ক্ষেত্ৰত মানদণ্ড আৰু বহনক্ষমতা বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। অভিনৱ সামগ্ৰী মুকলিৰ ক্ষেত্ৰত নিৰন্তৰ বিনিয়োগেৰে জিচিপিএলৰ লক্ষ্য হৈছে নিজৰ বিকাশৰ গতিধাৰা অব্যাহত ৰখা আৰু আগন্তুক ত্ৰৈমাসিকসমূহত নিজৰ ব্যৱধান উন্নত কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *