দেশৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰাকমূহূৰ্তত নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত বিজেপিৰ এক সাংগঠনিক সভাত আজি অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই অনুষ্ঠানৰ পাছতেই সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে গগৈ আদালতলৈ গ’লে ওলোটাই নিজেই বিপদত পৰিব। ইমান দিনে আদালতৰ আশ্ৰয় ল’ম বুলি কৈও গগৈয়ে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাটোৱে তেওঁৰ দুৰ্বলতাহে প্ৰকাশ কৰিছে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক দীৰ্ঘদিন ধৰি ‘পাকিস্তানী এজেন্ট’ বুলি অভিহিত কৰি আহিছে। যদি এই অভিযোগ মিছা আছিল, তেন্তে গগৈয়ে বহুত আগতেই মানহানিৰ গোচৰ তৰিব লাগিছিল। “তেওঁ জানে যে আদালতলৈ গ’লে তেওঁ নিজেই ফচিব, সেইবাবেই তেওঁ যাম যাম বুলিও যোৱা নাই” বুলি হাজৰিকাই কটাক্ষ কৰে। ইয়াৰ লগতে প্ৰয়াত তৰুণ গগৈৰ নাতিসকলৰ প্ৰসংগ উত্থাপন কৰি তেওঁলোকক ভাৰতীয় পৰম্পৰা আৰু আহোম সংস্কৃতিৰে ডাঙৰ-দীঘল কৰিবলৈ গৌৰৱ গগৈক পৰামৰ্শ দিয়ে। ধৰ্মান্তৰকৰণৰ প্ৰসংগতো মন্ত্ৰীগৰাকীয়ে আজি এক বিতৰ্কিত মন্তব্য আগবঢ়ায়। তেওঁ কয় যে কোনো শিশু খ্ৰীষ্টান হৈ জন্ম হ’লে ক’বলগীয়া একো নাই, কিন্তু ধৰ্মান্তৰিত হ’লে অসমীয়া মানুহৰ মনত আঘাত লাগে। তৰুণ গগৈৰ নাতিকেইজনক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি অসমীয়া সংস্কৃতিৰ মাজলৈ ঘূৰাই আনিবলৈ তেওঁ আহ্বান জনায়। নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী হাজৰিকাৰ এই ধৰ্মীয় আৰু ব্যক্তিগত আক্ৰমণে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation অসমৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ লোকেই অচিনাকি: ডঃ হিমন্ত বিশ্ব শৰ্মা ডাউন টাউন হস্পিটালৰ মেগা হেল্থ মেলা ২০২৬ উদ্বোধন