মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা পাকিস্তান সংযোগৰ দেশদ্ৰোহী অভিযোগক আজি তীব্ৰ প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে স্পষ্ট কৰে যে তেওঁৰ পাকিস্তান ভ্ৰমণৰ সকলো তথ্য ২০১৪ চনতেই মোদী চৰকাৰক অৱগত কৰা হৈছিল। সাংসদ হোৱাৰ পাছত পাকিস্তানৰ মোহৰ থকা পাছপৰ্ট জমা দিয়াৰ পাছতহে কেন্দ্ৰীয় চৰকাৰে তেওঁক কূটনৈতিক পাছপৰ্ট প্ৰদান কৰিছিল বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰীৰ অভিযোগক ভিত্তিহীন বুলি প্ৰত্যাক্ৰমণ কৰে। গগৈয়ে সদৰী কৰা মতে, ২০১২ চনত তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈয়ে জলবায়ু পৰিৱৰ্তনৰ এক আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত কাম কৰিবলৈ পাকিস্তানলৈ গৈছিল। সেই সময়ত এজন স্বামী হিচাপেহে তেওঁ পত্নীৰ সৈতে ১০ দিনৰ বাবে চুবুৰীয়া দেশখনলৈ গৈছিল আৰু তাত কোনো ধৰণৰ গোপনীয়তা নাছিল। তেওঁলোকে টেক্সিলা আৰু লাহোৰৰ দৰে ঐতিহাসিক স্থান ভ্ৰমণৰ বাবে যাৱতীয় সকলো আইনী অনুমতি গ্ৰহণ কৰিছিল বুলিও গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা বিত্তীয় লেনদেনৰ অভিযোগৰ সন্দৰ্ভত গগৈয়ে কয় যে কাম সমাপ্ত কৰি ভাৰতলৈ অহাৰ লগে লগেই পত্নীৰ পাকিস্তানী বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছিল। কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবেহে তেওঁৰ পৰিয়ালক দেশদ্ৰোহৰ দৰে গুৰুতৰ অভিযোগেৰে লজ্জিত কৰিবলৈ চেষ্টা চলোৱা হৈছে বুলিও তেওঁ মন্তব্য কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই গগৈৰ পত্নীয়ে পাকিস্তানলৈ গোপন তথ্য সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই আজি গগৈয়ে প্ৰমাণসহ ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। Share this:FacebookX Related Post navigation শ্রম সংহিতা বাতিল কৰা দাবীত ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ওৱেইচীৰ; ‘জেললৈ যাবলৈ সাজু’ বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ