এক ডাঙৰ সকাহ লাভ কৰিলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে। মঙলবাৰে দিল্লীৰ এখন আদালতে নেচনেল হেৰাল্ড গোচৰত কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে দাখিল কৰা তদন্তকাৰী সংস্থা ইডিৰ মানি লণ্ডাৰিং অভিযোগনামা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ (পিচি আইন) বিশাল গগনে কয় যে প্ৰিভেনচন অফ মানি লণ্ডাৰিং এক্ট (পিএমএলএ)ৰ অধীনত ইডিৰ দ্বাৰা দাখিল কৰা অভিযোগটো গ্ৰহণযোগ্য নহয়। কিয়নো এই গোচৰটো প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ)ৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ এটা ব্যক্তিগত অভিযোগৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হৈছিল।

ইডিৰ দ্বাৰা গান্ধীৰ উপৰিও সুমন ডুবে, ছেম পিট্ৰোডা, ইয়ং ইণ্ডিয়ান, ডটেক্স মাৰ্চেণ্ডাইজ আৰু সুনীল ভাণ্ডাৰীকো অভিযুক্ত কৰা হৈছিল। কংগ্ৰেছে ইডিৰ তদন্তক ৰাজনৈতিক প্ৰতিশোধমূলক কাৰ্য বুলি অভিহিত কৰিছিল। ইডিয়ে অভিযোগ কৰিছিল যে এছোচিয়েটেড জাৰ্নেলছ লিমিটেডৰ ২,০০০ কোটি টকাৰ সম্পত্তি অন্যায়ভাৱে দখল কৰা হৈছে।

সূত্ৰই জনাইছে যে ৰাউজ এভিনিউ আদালতৰ এই আদেশৰ বিৰুদ্ধে ইডিয়ে সম্ভৱতঃ আবেদন জনাব। তেওঁলোকে কয় যে ইডিৰ অভিযোগ সহজ ব্যক্তিগত অভিযোগ নাছিল, বৰং ইয়াৰ ওপৰত অপৰাধৰ কথা আগতেই আদালতত গ্ৰহণ কৰা হৈছিল। ইডিয়ে এই নিৰ্দিষ্ট আদেশক প্ৰত্যাহ্বান জনাবলৈ নতুন আবেদন প্ৰস্তুত কৰিব।

এই সন্দৰ্ভত ভাৰতীয় জাতীয় কংগ্ৰেছে ‘এক্স’ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘সত্যৰ জয় হ’ল’। তেওঁলোকে দাবী কৰে যে মোদী চৰকাৰৰ এই কাৰ্য সম্পূৰ্ণ অবৈধ আৰু বিদ্বেষপূৰ্ণ আছিল। কংগ্ৰেছৰ নেতা অভিষেক মনু সিংভীয়ে কয় যে এই গোচৰটোত ধনৰ লেনদেনৰ বা স্থাৱৰ সম্পত্তিৰ কোনো স্থানান্তৰ হোৱা নাই। তেওঁ এই গোচৰ গ্ৰহণ কৰাৰ যোগ্য নহয় বুলিও মন্তব্য কৰে।

অৱশ্যে, দিল্লী আদালতে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু কেইবাজনো আন লোকে নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এফআইআৰৰ এটা কপি পাবলৈ অধিকাৰী নহয়। ৰাউজ এভিনিউ আদালতে কয় যে অভিযুক্তক এফআইআৰ পঞ্জীয়ন হোৱাৰ বিষয়ে জনাব পৰা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *