নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ গগন মংগলক ১২ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ যোগাযোগ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিছে। গুৰুগ্ৰামক কেন্দ্ৰ কৰি মংগলে এনএমআইপিএলৰ হৈ যোগাযোগ ক্ষেত্ৰখনৰ নেতৃত্ব দিব, আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ উপাধ্যক্ষা কেথেৰিন জাচাৰীক প্ৰতিবেদন দিব আৰু এনএমআইপিএলৰ পৰিচালন সঞ্চালক সৌৰভ বৎসৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে সদৰি কৰি কয় যে, “গগন মংগলক নিছান মটৰ ইণ্ডিয়ালৈ স্বাগতম জনাবলৈ আমি অতিশয় আনন্দিত হৈছোঁ। তেখেতে গভীৰ স্বয়ংচালিত যোগাযোগ দক্ষতা আৰু ভাৰতীয় সংবাদ মাধ্যমৰ দৃশ্যপটৰ এক নতুন মাত্ৰা কঢ়িয়াই আনিব।” ভক্সৱেগন ইণ্ডিয়া এৰি মংগলে নিছানত যোগদান কৰিছে, য’ত তেওঁ প্ৰেছ এণ্ড মাৰ্কেটিং কমিউনিকেচনৰ নেতৃত্ব বহন কৰি আছিল। মেনেজমেণ্টৰ স্নাতক হিচাপে মংগলে কৰ্পৰেট যোগাযোগ আৰু বিপণন ক্ষেত্ৰখনৰ ১৮ বছৰৰো অধিক অভিজ্ঞতাৰে সমৃদ্ধ, ভক্সৱেগন আৰু হুণ্ডাইকে ধৰি আগশাৰীৰ অটোমোটিভ অ’ইএমৰ সৈতে দীৰ্ঘদিনে কাম কৰিছে। সমগ্ৰ কেৰিয়াৰত মংগলে সামগ্ৰী মুকলি, বৃহৎ পৰিসৰৰ অনুষ্ঠান, ব্ৰেণ্ড কৌশল আৰু অভিযানৰ মাজেৰে সংহত যোগাযোগ কৌশলক পৰিচালিত কৰাত প্ৰধান ভূমিকা পালন কৰি আহিছে।পূৰ্বৰ পদত তেখেতে যোগাযোগ কৌশল গঢ় দিয়া, শক্তিশালী সংবাদ মাধ্যমৰ আখ্যান গঢ়ি তোলা, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমৰ সৈতে সম্পৰ্ক পৰিচালনাৰ দায়িত্বত আছিল। নিছান মটৰ ইণ্ডিয়াৰ যোগাযোগ বিভাগৰ মুৰব্বী গগন মংগলে এই বিষয়ে কয় যে, “নিছান মটৰ ইণ্ডিয়াৰ বিকাশ আৰু পৰিৱৰ্তনৰ যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ ক্ষণত যোগদান কৰি মই সঁচাকৈয়ে আনন্দিত। ব্ৰেণ্ডৰ প্ৰাসংগিকতা, বিশ্বাস আৰু গ্ৰাহক সংযোগ শক্তিশালী কৰাৰ গুৰুত্বপূৰ্ণ সুযোগৰ সৈতে নিছানৰ বাবে ভাৰত সদায়ে অগ্ৰাধিকাৰ বজাৰ হৈ আহিছে।” মংগলৰ নেতৃত্বই ভাৰতত নিছানৰ ব্ৰেণ্ড পুনৰুত্থান যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, আগন্তুক বাহন মুকলি আৰু কোম্পানীটোৰ যোগাযোগ আৰু সংবাদ ক্ষেত্ৰখনৰ প্ৰচেষ্টাক শক্তিশালী কৰিব। আন্তঃৰাষ্ট্ৰীয় যোগাযোগ বিভাগৰ উপাধ্যক্ষা কেথৰিন জাকাৰিয়ে কয় যে, “আমি নিশ্চিত যে নিছানে ভাৰতত এক আকৰ্ষণীয় নতুন পৰ্যায়ত প্ৰৱেশৰ লগে লগে গগনৰ নেতৃত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।” Share this:FacebookX Related Post navigation ৰুকাম কেপিটেলৰ অধ্যয়নত নন-মেট্ৰ’ ইণ্ডিয়াৰ ডিজিটেল বৃদ্ধিত হোৱাটছএপৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰকাশ কোঠাৰ ভিতৰত একেলগে উদ্ধাৰ ৫ সদস্যৰ গুলীবিদ্ধ মৃতদেহ! উত্তৰ প্ৰদেশত চাঞ্চল্য