তামিলনাডুৰ ৰাজনীতিত এতিয়া এক নতুন ধাৰাৰ সূচনা কৰিছে অভিনেতা তথা ‘তামিলাগা ভেট্ৰি কাজাগাম’ৰ মুৰব্বী থালাপতি বিজয়ে। ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ২৩৪ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সময়তে এক অভূতপূৰ্ব দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। নিজৰ পুৰণি চালক তথা বৰ্তমানৰ ব্যক্তিগত সহায়ক ৰাজেন্দ্ৰনৰ পুত্ৰ শবেৰীনাথনক বিৰুগামবাক্কাম সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। মঞ্চত শবেৰীনাথনৰ নাম ঘোষণা কৰাৰ লগে লগে আৱেগিক হৈ পৰে পিতা-পুত্ৰ দুয়ো। বিজয়ৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওঁতে শবেৰীনাথনৰ চকুৰে বৈ আহে চকুলো। সেই সময়ত এজন ৰাজনীতিবিদতকৈও এজন জ্যেষ্ঠ অভিভাৱকৰ দৰে বিজয়ে নিজৰ প্ৰাৰ্থীগৰাকীৰ চকুৰ পানী মচি দিয়া পৰিলক্ষিত হয়। উল্লেখ্য যে ৰাজেন্দ্ৰনে বিজয়ৰ প্ৰথমখন ছবিৰ পৰাই তেওঁৰ চালক হিচাপে কাম কৰি আহিছে। ইফালে, বিজয়ে নিজে পেৰাম্বুৰ আৰু তিৰুচিৰাপল্লী পূব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। দলীয় কৰ্মীসকলক উৎসাহিত কৰি তেওঁ কয়, “মই এনে লোকসকলক প্ৰাৰ্থী হিচাপে বাছি লৈছোঁ যিয়ে সদায় ৰাইজৰ কাষত থিয় দিব।” তামিলনাডুৰ নিৰ্বাচনী যুঁজত এতিয়া বিজয়ৰ এই পদক্ষেপে এক বিশেষ চৰ্চাৰ সৃষ্টি কৰিছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি অহা ২৩ এপ্ৰিলত তামিলনাডুত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। চিনেমাৰ পৰ্দাৰ ছুপাৰষ্টাৰগৰাকীয়ে ৰাজনীতিৰ পথাৰত কিমান সফল হ’ব পাৰে, তাৰ বাবে এতিয়া ৪ মে’ৰ ফলাফললৈ অপেক্ষা কৰিছে সকলোৱে। Share this:FacebookX Related Post navigation অসমত বিজেপিয়ে জয়ৰ হেট্ৰিক গঢ়িবঃ নিৰ্বাচনত কংগ্ৰেছক নিচিহ্ন কৰাৰ দাবীৰে এই মন্তব্য নীতিন নবীনৰ