ৰূপালী পৰ্দাৰ মহাতাৰকা অমিতাভ বচ্চনক এবাৰ চকুৰে চাবলৈ অনুৰাগীৰ আবেগ আৰু উছাহে গুজৰাটত সৃষ্টি কৰিলে এক অনাকাংক্ষিত পৰিস্থিতিৰ। শুকুৰবাৰে চুৰাটত বলীউডৰ শাহেনশ্বাহ অমিতাভ বচ্চনক অতি ওচৰৰ পৰা পাবলৈ অনুৰাগীসকলে যি পৰ্যায়ৰ উন্মাদনা প্ৰদৰ্শন কৰে, তাৰ বাবে স্বয়ং বিগ বি হতভম্ব হৈ পৰে। ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ যোৱাৰ পথত তেওঁৰ এজন বন্ধুৰ আৱাসত উপস্থিত হোৱাৰ সময়তে এই অপ্ৰীতিকৰ ঘটনাটো সংঘটিত হয়।

চুৰাটৰ পাল অঞ্চলৰ কাছা ৰিভেৰা নামৰ বিলাসবহুল আৱাসটোৰ পৰা অমিতাভ বচ্চন বাহিৰলৈ ওলাই অহাৰ লগে লগে হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁক ঘেৰি ধৰে। পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে অনুৰাগীৰ হেঁচা আৰু দৌৰা-দৌৰিৰ ফলত আৱাসটোৰ প্ৰৱেশদ্বাৰৰ আইনা ভাঙি চূৰমাৰ হৈ পৰে বুলি জানিব পৰা গৈছে। ৮০ বছৰীয়া অভিনেতাগৰাকীয়ে হাত যোৰ কৰি সকলোকে শান্ত হ’বলৈ বাৰে বাৰে অনুৰোধ জনায় যদিও উন্মত্ত ভিৰক কোনেও নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’সমূহত দেখা গৈছে যে নিৰাপত্তাৰক্ষীয়ে অভিনেতাগৰাকীক গাড়ী পৰ্যন্ত লৈ যাবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে। এই লৰাঢপৰাৰ মাজত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইফালে পৰিস্থিতি চম্ভালিবলৈ পাছত আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হ’বলগীয়া হয়।

উল্লেখযোগ্য যে, অনুৰাগীৰ এনে হিতাহিত জ্ঞানহীন আচৰণক লৈ এতিয়া সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। অমিতাভ বচ্চনৰ বয়স আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাগীসকলক অধিক সংযত হোৱাৰ বাবে সচেতন মহলে আহ্বান জনাইছে। প্ৰিয় তাৰকাৰ প্ৰতি থকা ভালপোৱাই যাতে কাৰোবাৰ বাবে বিপদ মাতি নানে, সেই দিশত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলিও বহুতে মন্তব্য কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *