এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ । বুধবাৰে ফ্ৰান্সত দেশজুৰি সৃষ্টি হয় প্ৰতিবাদৰ। বিক্ষোভকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে পেৰিছ আৰু অন্যান্য চহৰত পথ অৱৰোধ কৰি জুই জ্বলায় সাব্যস্ত কৰে প্ৰতিবাদ। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ তীব্ৰতৰ হৈ পৰে।আন্দোলনৰ বেনাৰত “Block Everything” লিখি হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই অহা দেখা গৈছে। এই প্ৰতিবাদৰ মাজতে ২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে।বিশৃংখলতা ৰোধৰ প্ৰয়াস হিচাপে মেক্ৰন চৰকাৰে সমগ্ৰ দেশতে ৮০ হাজাৰ আৰক্ষী বিষয়া নিয়োগ কৰিছিল। ইয়াৰ পিছতো প্ৰতিবাদকাৰীয়ে বেৰিকেড স্থাপন কৰি জুই জ্বলাই একাধিক অঞ্চলত বিক্ষোভ প্ৰদৰ্শন কৰে। পেৰিছত জাবৰৰ দম জ্বলাই দিয়াৰ বিপৰীতে মূল পথসমূহত বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে। Share this:FacebookX Related Post navigation ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক