মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ লালী বিলৰ ওপৰত নিৰ্মাণাধীন এখন দলং বুধবাৰে হঠাতে খহি পৰাত এক শোকাবহ ঘটনাৰ সৃষ্টি হয়। লাহৰীঘাট-মৰিগাঁও সংযোগী গড়কাপ্তানি বিভাগৰ পথত পুনৰ নিৰ্মাণ কৰি থকা অৱস্থাতে দলংখনৰ এটা অংশ ভাঙি পৰাত কৰ্মৰত চাৰিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক স্থানীয় লোকৰ সহযোগত তাৎক্ষণিকভাৱে উদ্ধাৰ কৰা হয়। আহত শ্ৰমিক কেইগৰাকীক ক্ৰমে গোলজাৰ হুছেইন, মুস্তাফা আহমেদ, ইনামুল হক আৰু ফাৰুক আহমেদ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকক প্ৰথমে চিকিৎসাৰ বাবে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আঘাতৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে হঠাতে গাঁথনিটো খহি পৰাত শ্ৰমিক কেইগৰাকীয়ে পলায়ন কৰিবলৈ কোনো সুযোগ নাপালে। ইফালে, এই দুৰ্ঘটনাৰ বাবে স্থানীয় ৰাইজে ঠিকাদাৰৰ চৰম গাফিলতিক দোষাৰোপ কৰিছে। নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে সঠিক তদাৰকী আৰু সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ বাবেই এই অঘটন ঘটিবলৈ পালে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। এই ঘটনাই এতিয়া সমগ্ৰ লাহৰীঘাট অঞ্চলতে তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব সন্দেহজনক নাম; বিহুৰ পূৰ্বে নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ পুনৰ আম আদমী পাৰ্টিৰ নেতাৰ ওপৰত আক্ৰমণ! এইবাৰ বিবাহ অনুষ্ঠানত গুলীয়াই হত্যা গাঁওপ্ৰধানক