ধৰ্মীয় উছৱৰ আনন্দ-উল্লাসৰ মাজত সমাজত বিশৃংখলা সৃষ্টি কৰিবলৈ চেষ্টাৰ অভিযোগত নলবাৰী আৰক্ষীয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বৰদিনৰ উদযাপনত বাধা দিয়াৰ লগতে আতংকৰ সৃষ্টি কৰাত বেলশৰ আৰক্ষীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। এই ব্যক্তি সকল নিজেদের হিন্দু ধৰ্মৰ ৰক্ষক বুলি পরিচয় দি উছৱ বন্ধ কৰিবলৈ দাবী ৰাখিছিল আৰু বৰদিনৰ সামগ্ৰী ধ্বংস কৰাৰ অভিযুক্ত। গ্ৰেপ্তাৰ ব্যক্তিসকলৰ নাম হৈছে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, যুটীয়া সম্পাদক বিজু দত্ত, আৰু বজৰং দলৰ সমন্বয়ক নয়নমণি তালুকদাৰ। তেওঁলোকক নলবাৰীৰ ঋদ্ধি-সিদ্ধি হোটেলৰ ওচৰৰ পৰা আটক কৰা হয়। অভিযুক্তসকলৰ বিৰুদ্ধে বি এন এছ এছৰ ৩২৯(৩), ৩২৬(এফ), ১৮৯(২) ধাৰাৰ অধীনত গোচৰ ৰজু কৰা হৈছে আৰু বৰ্তমান বেলশৰ আৰক্ষী থানাত তেওঁলোকক জেৰা চলাই থকা হৈছে। Share this:FacebookX Related Post navigation কেইবাখনো জিলা আযুক্তৰ সাল-সলনি সাংবাদিক এজৰেলা দালিদিয়া ফানাইৰ ৰহস্যজনক মৃত্যু! শোকস্তব্ধ মিজোৰামৰ সংবাদ জগত