ৰাজ্যজুৰি চলি থকা ড্ৰাগছ বিৰোধী তীব্ৰ অভিযানৰ মাজতে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ‘প্ৰেপাক’ৰ চাৰিজন দুৰ্ধৰ্ষ সদস্যক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰিছে মণিপুৰ আৰক্ষীয়ে। শনিবাৰে মণিপুৰৰ থৌবাল আৰু ইম্ফল পশ্চিম জিলাৰ বিভিন্ন স্থানত চলোৱা এই পৃথক পৃথক অভিযানত নিৰাপত্তা বাহিনীয়ে এই সফলতা লাভ কৰে। ৰাজ্যখনত বৃদ্ধি পোৱা ড্ৰাগছৰ অবৈধ কাৰবাৰ আৰু উগ্ৰপন্থীৰ কূটাঘাতমূলক কাৰ্যকলাপ ৰোধ কৰাৰ লক্ষ্যৰে আৰক্ষীয়ে এই অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ইম্ফল পশ্চিম জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা ‘প্ৰেপাক’ৰ চাৰিজন কেডাৰৰ পৰা আপত্তিজনক নথিপত্ৰ আৰু মোবাইল ফোন জব্দ কৰা হৈছে। এই সদস্যকেইজনে অঞ্চলটোত ধন দাবী আৰু কূটাঘাতমূলক পৰিকল্পনা ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৃত উগ্ৰপন্থীকেইজনক বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে যাতে তেওঁলোকৰ নেটৱৰ্কৰ বিষয়ে অধিক জানিব পৰা যায়। আনহাতে, থৌবাল জিলাত চলোৱা এক তালাচী অভিযানত ড্ৰাগছৰ ঘাটি উৎখাত কৰি এগৰাকী মহিলাক হাতে-লোটে ধৰা পেলায় আৰক্ষীয়ে। মহিলাগৰাকীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিষিদ্ধ টেবলেট উদ্ধাৰ কৰা হৈছে। চৰকাৰী নিৰ্দেশ মৰ্মে চলোৱা এই অভিযানত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে। বৰ্তমান গোটেই ৰাজ্যখনৰ স্পৰ্শকাতৰ এলেকা সমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। Share this:FacebookX Related Post navigation প্ৰতিবেশী ৰাষ্ট্ৰৰ সংঘাতৰ মাজতে ভাৰতীয়লৈ বিশেষ সতৰ্কবাণী; ইজৰাইল-ইৰাণসহ ৪ দেশত থকা নাগৰিকলৈ জাৰি এডভাইজৰী বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিজেপিৰ ব্যাপক তৎপৰতা; ঢেকীয়াজুলিত ‘জন আশীৰ্বাদ যাত্ৰা’ৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ