হৃদৰোগজনিত সমস্যাৰ বাবে সোমবাৰে পুনৰ এইমছত ভৰ্তি কৰা হয় দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক। দুদিন পূৰ্বে বাথৰুমত হঠাৎ অচেতন হৈ পৰাৰ পাছতে তেওঁক চিকিৎসালয়লৈ লৈ অহা হয়। প্ৰথমে তেওঁক মেদান্ত হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও সোমবাৰে দুপৰীয়া ২ বজাত অধিক পৰীক্ষাৰ বাবে এইমছলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ এটা দলৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে। বিভাগীয় সূত্ৰই জনোৱা মতে, ধনখড় দীৰ্ঘদিন ধৰি হৃদৰোগজনিত সমস্যাত ভুগি আছিল। ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তো তেওঁৰ এনজিঅ’প্লাষ্টি কৰা হৈছিল। স্বাস্থ্যজনিত কাৰণতে তেওঁ ২০২৫ চনৰ ২১ জুলাইত পদত্যাগ কৰিছিল। ইফালে, পদত্যাগৰ ৫ মাহ পাছতো তেওঁ চৰকাৰী আৱাস লাভ নকৰাক লৈ ঘনিষ্ঠ মহলে ক্ষোভ প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation বাংলাদেশত পুনৰ হিন্দু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ! হত্যাৰ বলি অটো চালক সমীৰ দাস এন আৰ আইসকল প্ৰবাসী ভাৰতীয় দিৱসত উজ্জ্বল হৈ ভাৰতৰ বৈশ্বিক প্ৰভাৱ প্ৰদৰ্শন কৰে