সোমবাৰে প্ৰাক্তন আই এ এছ বিষয়া ৰাজকুমাৰ গোৱেলে দেশৰ মুখ্য তথ্য আয়ুক্ত চমুকৈ চি আই চি হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক ৰাষ্ট্ৰপতি ভৱনত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখ্য যে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা এক তিনিজনীয়া পেনেলৰ পৰামৰ্শৰ ভিত্তিত গোৱেলক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল। গোৱেল হৈছে অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল কেডাৰৰ ১৯৯০ বেচৰ (অৱসৰপ্ৰাপ্ত) ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ বিষয়া। তেওঁ ৩১ আগষ্টত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনত ন্যায় বিভাগৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। হিৰালাল চামৰিয়াই তেওঁৰ কাৰ্যকাল সমাপ্ত কৰাৰ পিছত ১৩ ছেপ্টেম্বৰত চি আই চিৰ পদ খালী হৈছিল। ন বছৰৰো অধিক সময়ৰ পিছত এই নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰীয় তথ্য আয়োগে শীঘ্ৰেই পূৰ্ণ শক্তি লাভ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত গঠিত পেনেলখনে কেন্দ্ৰীয় তথ্য আয়োগত ৮ জন তথ্য আয়ুক্তৰ নামো অনুমোদন জনাইছে। ইয়াৰ ভিতৰত প্ৰাক্তন ৰে’লৱে বোৰ্ডৰ মুৰব্বী জয়া বৰ্মা সিনহা, প্ৰাক্তন আই পি এছ বিষয়া স্বাগতা দাস, প্ৰাক্তন আই এ এছ বিষয়া সুৰেন্দ্ৰ সিং মীনা আৰু জ্যেষ্ঠ সাংবাদিক পি আৰ ৰমেশৰ দৰে ব্যক্তিসকল আছে। Share this:FacebookX Related Post navigation মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন তেজপুৰ বিশ্ববিদ্যালয়ৰ পলাতক উপাচাৰ্য শম্ভূনাথ সিঙৰ অপসাৰণৰ দাবী, ৯ ঘণ্টীয়া অনশন শিক্ষাৰ্থীৰ