বাংলাদেশৰ ৰাজনীতিৰ অন্যতম শক্তিশালী স্তম্ভ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মঙলবাৰে পুৱতি নিশা ৮০ বছৰ বয়সত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা জিয়াৰ ঢাকাৰ এভাৰকেয়াৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস সৃষ্টি কৰা খালেদা জিয়াৰ মৃত্যুত দেশখনৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলতো গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, যোৱা কেইবামাহো ধৰি তেওঁ হৃদৰোগ, যকৃত আৰু বৃক্কৰ সমস্যা, ডায়েবেটিছ আৰু হাওঁফাওঁৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল। শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে লণ্ডনৰ পৰা উভতি অহাৰ পিছৰে পৰা তেওঁ নিয়মীয়াকৈ হাস্পতালৰ পৰ্যবেক্ষণত আছিল। উল্লেখ্য যে তেওঁৰ স্বাস্থ্য অতি দুৰ্বল হোৱা সত্ত্বেও অহা ২০২৬ চনত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে দলৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ মৃত্যুৰ মাত্ৰ কেইদিনমান পূৰ্বে তেওঁৰ পুত্ৰ তাৰেক ৰহমানে ১৭ বছৰৰ নিৰ্বাসনৰ অন্ত পেলাই লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহিছিল। খালেদা জিয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যম এক্সত তেওঁ লিখে যে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে দেশখনৰ উন্নয়ন আৰু ভাৰত-বাংলাদেশ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। ২০১৫ চনত ঢাকাত তেওঁৰ সৈতে হোৱা সৌজন্যমূলক সাক্ষাৎৰ কথাও মোদীয়ে স্মৰণ কৰে। ইফালে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছেও জিয়াৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ১৯৬০ চনত জিয়াউৰ ৰহমানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা খালেদা জিয়াই ১৯৮১ চনত স্বামীৰ হত্যাকাণ্ডৰ পিছত সক্ৰিয় ৰাজনীতিত ভৰি দিছিল। ১৯৮৪ চনত তেওঁ বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ নেতৃত্ব গ্ৰহণ কৰে আৰু ১৯৯১ চনত দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ চম্ভালে। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু পুনৰ ২০০১ চনৰ পৰা ২০০৬ চনলৈ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। বাংলাদেশৰ ৰাজনীতিত শ্বেখ হাছিনাৰ প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে পৰিচিত জিয়াৰ বিয়োগে দেশখনৰ ৰাজনীতিত এক শূন্যতাৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation অসমত অমিত শ্বাহে উন্মোচন কৰিলে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু আধুনিক আৰক্ষী প্ৰশাসনৰ কেইবাখনো আঁচনি তিনি পিতৃ-পুত্ৰৰ নিৰলস সাধনাৰে নতুন ৰূপ পালে গুৰুজনাৰ জন্মভূমিৰ বটদ্ৰৱা প্ৰকল্পই