অসমৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে অৰণ্য মানৱ হিচাপে খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙক বুধবাৰে প্ৰদান কৰা হয় অসম নক্ষত্ৰ বঁটা ২০২৬। অসমীয়া সুৰক্ষা মঞ্চৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই বিশেষ সন্মানেৰে বিভূষিত কৰা হয়। ৰাজ্যৰ সেউজীয়া ধৰিত্ৰী ৰক্ষাৰ বাবে আজীৱন সংগ্ৰাম চলাই যোৱা এইগৰাকী মহান ব্যক্তিক সন্মান জনাই মঞ্চই নিজৰ প্ৰতিষ্ঠা দিৱসটো স্মৰণীয় কৰি তোলে। বঁটা গ্ৰহণৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত যাদৱ পায়েঙে জানিবলৈ দিয়ে যে তেওঁ আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে সমগ্ৰ দেশৰে বন সংৰক্ষণৰ বিষয়টো লৈ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। গছ কাটি কৰা উন্নয়নৰ পৰিৱৰ্তে প্ৰকৃতি ৰক্ষা কৰি কিদৰে প্ৰগতি সম্ভৱ হয়, সেই দিশত ব্যৱস্থা ল’বলৈ তেওঁ চৰকাৰক আহ্বান জনায়। বিশেষকৈ অসমৰ দৰে এখন সেউজীয়া ৰাজ্যত ধাৰাবাহিকভাৱে চলি থকা বনধ্বংস কাৰ্যক তেওঁ দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। পৰিৱেশৰ লগতে ভাষা আৰু সংস্কৃতিৰ গুৰুত্বৰ ওপৰতো পায়েঙে বিশেষ আলোকপাত কৰে। মাতৃভাষাৰ উন্নয়ন অবিহনে জাতি এটা কেতিয়াও আগবাঢ়িব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয়, “শিশুসকলক অসমীয়া ভাষাত শিক্ষা প্ৰদান কৰা উচিত।” মাতৃভাষাত শিক্ষাগ্ৰহণ কৰিলেহে এজন শিশুৰ সঠিক মানসিক বিকাশ সম্ভৱ হয় আৰু ই দেশ তথা জাতিৰ সৰ্বাংগীণ উন্নতিৰ পথ প্ৰশস্ত কৰে বুলি তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। অসমীয়া সুৰক্ষা মঞ্চৰ এই বিশেষ অনুষ্ঠানটোত উপস্থিত থকা বিভিন্ন বিশিষ্ট ব্যক্তিয়েও পায়েঙৰ আজীৱন ত্যাগ আৰু নিষ্ঠাৰ শলাগ লয়। নিজৰ কষ্টৰ বিনিময়ত এখন অৰণ্য গঢ়ি তোলা পায়েঙে প্ৰতিজন অসমবাসীক অন্ততঃ এজোপাকৈ গছ ৰুবলৈ আৰু গছ কটাৰ পৰা বিৰত থাকিবলৈ পুনৰবাৰ আন্তৰিক আহ্বান জনায়। Share this:FacebookX Related Post navigation হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণা ভাষণৰ গোচৰ; নতুন আবেদনৰ শুনানিৰ বিষয়ে বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে ডাউন টাউন হস্পিটালৰ মেগা হেল্থ মেলা ২০২৬ উদ্বোধন