১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিচ দিৱসৰ দিন চমু চাপি অহাৰ লগে লগে কিউনেট ইণ্ডিয়াই আগশাৰীৰ স্বাস্থ্য পৰিপূৰক(হেল্থ ছাপলমেণ্ট) নিউট্ৰিপ্লাছ দিয়াবাহেল্থ আৰু নিউট্ৰিপ্লাছ ইমিউনহেল্থ মুকলি কৰি ব্যাপক ৰূপত ডায়েবেটিচ ৰোগ ব্যৱস্থাপনাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰি তুলিছে। বিশ্বজুৰি “মধুমেহ আৰু সুস্থতা” থিম সৈতে সংগতি ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই কেৱল শৰীৰৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাই নহয়, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সামগ্ৰিক সুস্থতা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। নিউট্ৰিপ্লাছ ডায়েবাহেল্থ ১০০% প্ৰাকৃতিক ছাপলমেণ্ট(পৰিপূৰক), মালাবাৰ কিনো আৰু অন্যান্য ভেষজ উপাদানসমূহক একত্ৰিত কৰে, যিয়ে তেজত শৰ্কৰাৰ স্তৰ সঠিকভাৱে বজাই ৰখাৰ বাবে এক নিৰাপদ, কাৰ্যকৰী সমাধান প্ৰদান কৰে। যাৰ বাবে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা ব্যক্তিসকলৰ বাবে দীৰ্ঘম্যাদী সহায়ক হয়। আনহাতে, নিউট্ৰিপ্লছ ইমিউনহেল্থক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ডিজাইন কৰা হৈছে, য’ত পপয়া এক্সট্ৰেক্ট(অমিতা নিষ্টাষণ), এলোভেৰা আৰু গুডুচি সাতৱাৰ দৰে উপাদান আছে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা স্থিৰ কৰি সামগ্ৰিক স্বাস্থ্য সুস্থিৰ কৰি ৰখাত সহায় কৰে। গুৱাহাটীত কিউনেটৰ ৱেলনেছ সামগ্ৰীসমূহে গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। ডায়েবেটিছ ৰোগ ব্যৱস্থাপনাৰ চাৰিওফালে সজাগতা বৃদ্ধি পোৱাৰ লগে লগে গ্ৰাহকে নিজৰ সামগ্ৰিক স্বাস্থ্য বৃদ্ধিৰ বাবে প্ৰাকৃতিক, সংৰক্ষকবিহীন পৰিপূৰকৰ অন্বেষণ কৰিছে। বিশেষকৈ গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ স্বাস্থ্য সচেতন ব্যক্তিসকলৰ মাজত কিউনেটৰ প্ৰডাক্ট অফাৰে ইতিমধ্যে অনুৰণন ঘটাইছে, য’ত সামগ্ৰিক সুস্থতা সমাধানৰ চাহিদা বৃদ্ধি পাইছে। ব্ৰেণ্ডটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে অঞ্চলটোৰ সম্প্ৰসাৰিত স্বাস্থ্য আৰু সুস্থতা খণ্ডৰ এক মূল প্ৰতিষ্ঠান হিচাপে স্থান দিছে। Share this:FacebookX Related Post navigation বাজাজ ফিনচাৰ্ভ কনজাম্পচন ফাণ্ড এনএছডিচিৰ ভৰতপুৰ চাকৰি মেলাত যুৱ নিযুক্তি বৃদ্ধিৰ বাবে ১১,০০০ সুযোগ প্ৰদান কৰা হৈছে