প্ৰকৃতিৰ ধূসৰ আৱৰণত আৱদ্ধ হৈ পৰিছে সমগ্ৰ উত্তৰ ভাৰত। শুকুৰবাৰে পুৱা পঞ্জাবৰ পৰা বিহাৰলৈকে বিস্তৃত এক ডাঠ কুঁৱলীৰ স্তৰে ইণ্ডো-গংগা সমভূমিৰ দৃশ্যমানতা একেবাৰে শূন্য কৰি পেলায়। এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লীত ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে। ধোঁৱা আৰু কুঁৱলীৰ এই মিশ্ৰণে আকাশী, ৰেল আৰু পথ পৰিবহণ ব্যৱস্থাত ব্যাপক প্ৰভাৱ পেলাইছে। আইএমডি-ৰ বিষয়াৰ মতে, আগ্ৰা, বৰেলী, অমৃতসৰ আৰু দিল্লীৰ সফদৰজং আদিকে ধৰি কেইবাখনো চহৰত পুৱা ৫:৩০ বজাত দৃশ্যমানতা শূন্য মিটাৰ ৰেকৰ্ড কৰা হৈছে। এই ঘন কুঁৱলীৰ ফলত দিল্লী বিমানবন্দৰত ১৫২ খনতকৈও অধিক বিমান বাতিল কৰিবলগীয়া হৈছে। একেদৰে উত্তৰ ভাৰত অভিমুখী প্ৰায় ২৫ খন ৰেল বহু ঘণ্টা পলমকৈ চলিছে। পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে বাহনৰ গতিবেগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কেৱল কুঁৱলীয়েই নহয়, দিল্লীৰ বায়ুৰ গুণমান সূচকাংকও এতিয়া ৩৪০ অতিক্ৰম কৰি ‘অতি শোচনীয়’ শ্ৰেণীত আছে। বতৰ বিজ্ঞানে আগন্তুক দুই-তিনিদিনলৈ এই পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ৰাইজক অতি জৰুৰী কাম নহ’লে ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। Share this:FacebookX Related Post navigation ইম্ফলত মাছভৰ্তি ট্ৰাক হাইজেক! নিষিদ্ধ সংগঠনৰ সদস্যসহ সাতজন গ্ৰেপ্তাৰ ভাৰতৰ সৈতে সম্পৰ্কত যতি! উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ ভাবুকিৰ পাছত এইবাৰ ভাৰতীয় উচ্চায়ুক্তক বহিষ্কাৰৰ দাবী বাংলাদেশী নেতাৰ